Breaking

২২ বছৰৰ পিছত অষ্ট্রেলিয়াত দেখা গ’ল দুষ্প্রাপ্য হেণ্ডফিছ

0 2,031

অষ্ট্রেলিয়াৰ টাছমানিয়াৰ উপকূলত সুদীর্ঘ ২২ বছৰৰ মূৰত দেখিবলৈ পোৱা গৈছে খোজকাঢ়ি ফুৰিব পৰা এক দুষ্প্রাপ্য মাছ৷ ‘হেণ্ডফিছ’ হিচাপে পৰিচিত এই মাছবিধ হ’ল সোঁফালে দুখন হাতৰ দৰে ফান আছে৷ গোলাপী ৰঙৰ এই মাছবিধ ১৯৯৯ চনত অন্তিমবাৰৰ বাবে টাছমানিয়াৰ সমীপত প্রত্যক্ষ কৰিছিল এজন ডুবাৰুৱে।

মাছবিধৰ অস্তিত্বক লৈ বিপর্যয় নামি অহা বুলি আশংকা কৰা হৈছে৷ দুই দশকতকৈ অধিককাল পূর্বে এই মাছবিধ বিলুপ্ত হৈ যোৱা বুলি ধাৰণা কৰিছিল বিজ্ঞানীসকলে৷ কিন্তু শেহতীয়াকৈ পুনৰ টাছমানিয়াৰ উপকূলৰ সমীপৰ গভীৰ জলৰাশিত মাছবিধৰ অৱস্থান ধৰা পৰাৰ লগে লগে জীৱ বিজ্ঞানীসকলৰ মাজত সৃষ্টি হৈছে কৌতূহল৷ শেহতীয়াকৈ টাছমানিয়াৰ দক্ষিণ প্রান্তৰ উপকূলৰ জলৰাশিৰ ১৫০ মিটাৰ গভীৰত এই মাছবিধ দেখিবলৈ পোৱা গৈছে৷ জীৱ বিজ্ঞানী নেভিল বেৰেটে এই কথা সদৰী কৰিছে৷

Leave A Reply

Your email address will not be published.