Breaking

ব্রিটেইনত সংক্রমণৰ সংহাৰঃ ১০৮ খন দেশলৈ বিয়পিল অমিক্রন

0 44

ব্রিটেইনৰ পিছত ইউৰোপীয় দেশ ফ্রান্সত শেহতীয়াকৈ দৈনিক ক’ৰোনা সংক্রমিত লোকৰ সংখ্যাই এক লাখ অতিক্রম কৰিছে৷ ২৩ ডিচেম্বৰত দেশখনত দৈনিক সংক্রমণ আছিল ৯১,৬০৮৷ ২৬ ডিচেম্বৰত এই সংখ্যাই এক লাখ অতিক্রম কৰি গৈছে৷ বিগত দুটা বছৰৰ ভিতৰত প্রথমবাৰলৈ ফ্রান্সত দৈনিক ক’ভিড আক্রান্তৰ সংখ্যাই এই নতুন অভিলেখ সৃষ্টি কৰিছে৷

ইউৰোপৰ ভিতৰত শেহতীয়াকৈ ব্রিটেইনত ক’ভিডৰ সংক্রমণৰ সংহাৰ আৰম্ভ হৈছে৷ ক’ভিডৰ অমিক্রন প্রকৰণৰ দ্বাৰা আটাইতকৈ বেছি আক্রান্ত দেশ হিচাপে চিহ্ণিত হৈছে ব্রিটেইন৷ ব্রিটেইনৰ পিছতেই এইবাৰ ফ্রান্সত আৰম্ভ হৈছে ক’ভিড–১৯ৰ সংক্রমণৰ সংহাৰ৷ স্মর্তব্য যে অমিক্রন ভেৰিয়েণ্ট এতিয়ালৈকে বিশ্বৰ ১০৮ দেশলৈ বিয়পি পৰিছে৷ অমিক্রনৰ আটাইতকৈ দ্রুত সংক্রমণ ঘটিছে ইউৰোপীয় দেশসমূহত৷

Leave A Reply

Your email address will not be published.