Breaking

১৫-১৮ বছৰীয়াৰ কোভিড টিকাকৰণৰ ৰেজিষ্ট্ৰেচন কেতিয়া?

0 2,035

প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণাৰ পিছত সোমবাৰে পুৱা কেন্দ্ৰীয় চৰকাৰে কো-উইন এপত টিকাকৰণৰ বাবে ১৫ৰ পৰা ১৮ বছৰীয়া লৰা-ছোৱালীৰ কোভিড টিকাকৰণৰ পঞ্জীয়ন কেনেদৰে কৰিব লাগে সেই সন্দৰ্ভত উল্লেখ কৰিছে। চৰকাৰে লগতে জনাইছে যে পঞ্জীয়ন নতুন বছৰৰ প্ৰথম দিন অৰ্থাৎ ১ জানুৱাৰীৰ পৰা আৰম্ভ কৰিব পাৰিব। কিন্তু পঞ্জীয়নৰ বাবে বিদ্যালয়ৰ আই ডি কাৰ্ডখন দিব লাগিব। ইয়াক বয়সৰ প্ৰমাণ হিচাপে গ্ৰহণ কৰা হ’ব। CoWINৰ প্ৰধান আৰ এছ শৰ্মাই সংবাদ মাধ্যমক কোৱা অনুযায়ী এই টিকাকৰণ এপটোত শিক্ষাৰ্থীসকলৰ বাবে এটা পৃথক স্থান সৃষ্টি কৰা হৈছে, য’ত তেওঁলোকে শিক্ষাৰ্থী হিচাপে প্ৰমাণ-পত্ৰৰ সৈতে নাম ভৰ্তি কৰিব পাৰে। এই বিকল্পটো দিয়া হৈছে কেন্দ্ৰৰ বিচাৰ মৰ্মে। কিয়নো বহুতৰ আধাৰ বা আন কোনো কাৰ্ড নাথাকিবও পাৰে।

উল্লেখ্য, শনিবাৰে নিশা প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে ৩ জানুৱাৰীৰ পৰা ১৫ৰ পৰা ১৮ বছৰীয়া শিশুক কোৰোনাৰ টিকাকৰণ কৰা হ’ব। তেওঁ সেইদিনা ঘোষণা কৰিছিল যে তেওঁ ৬০ বছৰ বয়সৰ লোকৰ বুষ্টৰ ড’জৰ ঘোষণাও কৰিছিল। ইয়াৰ উপৰি স্বাস্থ্যকৰ্মীৰ আগশাৰীৰ কোৰোনা যোদ্ধাসকলেও টিকাৰ তৃতীয় পালি লাভ কৰিব।প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কোৰোনাই এতিয়াও ভাৰত ত্যাগ কৰা নাই। তেওঁ অ’মিক্ৰন সংক্ৰমণৰ বাবে অপ্ৰয়োজনীয় আতংকত ভুগি নাথাকিলেও সাৱধানতা বজাই ৰাখিবলৈ পৰামৰ্শ দিছিল। তেওঁ কৈছিল যে নিয়মীয়াকৈ হাত ধোৱা আৰু মুখা ব্যৱহাৰ কৰাৰ পৰা সকলো কোৰোনা পৰিচ্ছন্নতা অনুসৰণ কৰাটো এতিয়াও দেশৰ সাধাৰণ মানুহৰ কৰ্তব্য।

Leave A Reply

Your email address will not be published.