ম্যানমাৰৰ পাশৱিক হত্যাৰ তদন্তৰ দাবী ৰাষ্ট্রসংঘৰ

ম্যানমাৰত সেনাই নৃশংসভাৱে শিশু–মহিলাসহ ৩৮গৰাকী অসামৰিক লোকক গুলীয়াই হত্যা কৰি বাহনৰ ভিতৰত এই লোকসকলৰ মৃতদেহ জ্বলাই দিয়া ঘটনাক লৈ বিশ্বজুৰি প্রতিক্রিয়া অব্যাহত থকাৰ সময়তে ৰাষ্ট্রসংঘই স্বচ্ছ আৰু বিস্তাৰিত তদন্ত দাবী কৰিছে৷ উল্লেখনীয় যে ম্যানমাৰত সামৰিক অভ্যুত্থানৰ বিৰুদ্ধে জনসাধাৰণে প্রতিবাদ অব্যাহত ৰাখিছে৷

শেহতীয়াকৈ কায়াহ প্রদেশত এখন গাঁৱত নির্বিচাৰভাৱে নিৰীহ লোকসকলক হত্যা কৰিছে ম্যানমাৰৰ সেনাই৷ সেনাই সন্ত্রাসবাদী সংগঠনৰ সদস্যক গুলীয়াই হত্যা কৰা বুলি দাবী কৰিছে যদিও দেশখনৰ মানৱাধিকাৰ সংগঠন এটাই সেনাৰ পাশৱিক আতিশয্যৰ তথ্য পোহৰলৈ আনিছে৷ শেহতীয়াকৈ সেনাই বর্বৰভাৱে নিৰীহ লোকসকলক হত্যা কৰা ঘটনাৰ আলোকচিত্রও মুকলি কৰি দিছে মানৱাধিকাৰ সংগঠনটোৱে৷ ইয়াৰ লগে লগে বিশ্বজুৰি সৃষ্টি হৈছে চাঞ্চল্য৷ স্মর্তব্য যে সংবাদ সংস্থা বি বি চিৰ তদন্ততো সেনাই ম্যানমাৰত নিৰীহ লোকক হত্যা কৰি গণকবৰত মৃতদেহ ৰখাৰ তথ্য পোহৰলৈ আহিছে৷

Related Articles