১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ পীয়ুষক

কোটি কোটি টকা নগদ উদ্ধাৰ হৈছিল কানপুৰৰ ব্যৱসায়ীৰ ঘৰৰ পৰা৷ সুগন্ধিৰ বৃহৎ ব্যৱসায়েৰে প্ৰতিষ্ঠা লাভ কৰা ব্যৱসায়ী পীয়ুষ জৈনৰ বাসগৃহত আয়কৰ বিভাগে চলোৱা অভিযানত বৰ্তমানলৈ উদ্ধাৰ হৈছিল প্ৰায় ২৫৭ কোটি টকা। বিগত সপ্তাহতে আয়কৰ বিভাগে পীয়ুষ জৈনৰ বাসগৃহত আৰম্ভ কৰিছিল অভিযান।

GST ফাঁকিৰ দোষত গ্ৰেপ্তাৰ হোৱা পীয়ুষক ১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়৷ আৰক্ষীৰ সূত্ৰ অনুসৰি বিভিন্ন সামগ্ৰী ভুৱা SGT আৰু E-WAY BILL বিহীনভাৱে ব্যৱসায় চলোৱাৰ বাবে টকাসমূহ মজুত ৰাখিছিল ব্যৱসায়ীজনে। ৩-৪ দিন ধৰি মাৰাথন অভিযান চলিছিল পীয়ুষ জৈনৰ বাসগৃহত। কেইবাটাও টকা গণনা কৰা যন্ত্ৰৰে গণনা কৰা হৈছিল টকাসমূহ। সমগ্ৰ ঘটনাৰ পৰিপ্ৰেক্ষিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ব্যৱসায়ীজনক।

উল্লেখ্য যে কেমিষ্ট পিতৃৰ পৰা সুগন্ধি তৈয়াৰ কৰাৰ ফৰ্মুলা আয়ত্ত কৰিছিল পীয়ুষে। ১৫ বছৰ পূৰ্বে পীয়ুষ আৰম্ভ কৰিছিল সুগন্ধিৰ ব্যৱসায়। বিগত ১৫ বছৰত ব্যৱসায়ৰ প্ৰসাৰ বৃদ্ধি কৰে সমগ্ৰ দেশতে। বৰ্তমান মু্ম্বাই আৰু গুজৰাটতো সুগন্ধিৰ ব্যৱসায়েৰে খোপনি পুতিছে পীয়ুষে। ভাতৃ অম্বৰিশৰ সৈতে কণৌজত বৃহৎ ব্যৱসায় পীয়ুষৰ। কিন্তু কণৌজৰ স্থানীয় লোকৰ ভাষ্য অনুসৰি অতি সাধাৰণভাৱে থাকে পীয়ুষ জৈন। পীয়ুষৰ বাসগৃহৰ পৰা ২৫০ কেজি সোণ আৰু ৰূপ, বহু পৰিমাণৰ চন্দন কাঠৰ তেল, সুগন্ধি জব্দ কৰে তদন্তকাৰী দলে।

Related Articles