সদৌ চুতীয়া জাতি সন্মিলনৰ গহপুৰ জিলা সমিতিৰ এখন বৰ্দ্ধিত কাযনিৰ্বাহ সভা গহপুৰ বাকৰিদলনী মিণ্টো ঘাটত অনুষ্ঠিত হয়। সদৌ চুতীয়া জাতি সন্মিলন গহপুৰ জিলা সভাপতি মিনেশ্বৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত আঁত ধৰে জিলা সম্পাদক স্বৰাজ বৰদলৈয়ে। সদৌ চুতীয়া জাতি সন্মিলন কেন্দ্ৰীয় সদস্য জীৱন বৰুৱাই পৰ্য্যবেক্ষণ হিচাবে অংশ লোৱা সভাখনত চুতীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ কুল কমল বৰুৱা বিশিষ্ট অতিথি হিচাপে অংশ লৈ পৰিষদৰ আঁচনি আৰু কামকাজ পুঁজি সম্পৰ্কে আলোকপাত কৰে।
এইক্ষেত্ৰত জিলা সমিতি সমূহে নিৰ্বাচিত কৰি দিয়া বিভিন্ন চুতীয়া লোক প্ৰধান এলেকাত বিভিন্ন উন্নয়ন মূলক আচঁনি চৰকাৰৰ দ্বাৰা ৰূপায়ন কৰা হব বুলি মন্তব্য আগবঢ়ায়। সভাত জিলা উপ সভাপতি হেম বৰুৱা, মহিলা সন্মিলনৰ সভানেত্ৰী তৃষ্ণা ভৰালী যুৱ সন্মিলন সভাপতি প্ৰফুল্ল বৰা ছাত্ৰ সন্মিলনৰ সভাপতি মনোজ বৰা সম্পাদক ত্ৰিনয়ন ৰাজখোৱা জিলা কাৰ্যনিৰ্বাহক সদস্য তথা সাংবাদিক মৃদুল কুমাৰ বৰা, ৰাজখোৱা আদি ১৩ খন আঞ্চলিক বিষয় ববিয় সকলৰ উপস্থিত থাকি ভাষণ আগবঢ়ায়।
উক্ত সভাত সাংগঠনিক সুবিধাৰ বাবে গহপুৰ জিলা সমিতি দুটা খণ্ডত ভাগ কৰি কাম কাজ চলাই নিয়াৰ বাবে দায়িত্ব দিয়া হয়। সভাত গহপুৰ বিধয়ক উৎপল বৰাই গহপুৰ নগৰৰ আশেপাশে চুতীয়া ৰানী বিৰাংগনা সতী সাধনীৰ এটি পূৰ্ণাংগ মূৰ্তি স্থাপনৰ বাবে লোৱা পদক্ষেপ জনায়।নিতুল বৰা হাৱাজান ।