কলিয়াবৰ : কলিয়াবৰৰ উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়সমূহত খালী হৈ থকা শিক্ষক তথা কৰ্মচাৰী নিযুক্তি দিয়াৰ দাবীত আজি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই শিক্ষা মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰে। কলিয়াবৰৰ বিভিন্ন উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়সমূহত বছৰ-বছৰ ধৰি প্ৰায়বোৰ বিষয় শিক্ষক আৰু সহকাৰী শিক্ষকৰ নিযুক্তিৰ অভাৱত ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত জীৱনৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে। উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত বিষয় শিক্ষকৰ অভাৱত বহু বিষয়ৰ পাঠ্যক্ৰম বন্ধ হোৱাৰ উপক্ৰম হৈছে। বিষয় শিক্ষক আৰু সহকাৰী শিক্ষকসকলে অৱসৰ লোৱাৰ পিছত সেই পদসমূহ বছৰ-বছৰ ধৰি পূৰণ নোহোৱাকৈ থকাৰ ফলত কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, শিলঘাট, জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়, কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, হাটবৰ, কুঠৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়, কুঁৱৰীটোল উচ্চ মাধ্যমিক বিদ্যালয় আদি বহুকেইখন বিদ্যালয়ত খালী হৈ থকা শিক্ষকৰ পদসমূহ পূৰণ নোহোৱাত ছাত্ৰ-ছাত্ৰীয়ে বাৰুকৈয়ে ভূগিছে। জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাণিজ্য শাখাটো শিক্ষকৰ অভাৱত বন্ধ হ’ল। জানিব পৰা মতে, কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, হাটবৰৰ উচ্চতৰ শাখাত বিষয় শিক্ষক এই বৰ্ষটোত দুগৰাকীহে ৰ’বগৈ। তদুপৰি, কাৰ্য্যালয় সহায়ক, চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ অভাৱৰ ফলত কাৰ্য্যালয়ৰ কামো শিক্ষকসকলে কৰিব লগাত পৰিছে। আনকি দুই-এখন বিদ্যালয়ৰ বে’ল বজাবলৈও কৰ্মচাৰী নাই। তেনেস্থলত পূৰ্বৰ ঈৰ্ষণীয়ভাৱে ফলাফলৰ ক্ষেত্ৰত আগবাঢ়ি থকা চৰকাৰী বিদ্যালয়সমূহত এতি ছাত্ৰ-ছাত্ৰী নাই। শিক্ষকৰ অভাৱত থকা বিদ্যালয়ৰ পৰা নিশ্চয়কৈ ১০০% ফলাফল আশা কৰাতো একেবাৰে গ্ৰহণযোগ্য নহয়। সেয়ে, ছাত্ৰ জীৱনৰ এই মূল সময়ছোৱাত শিক্ষকৰ অভাৱত যাতে প্ৰয়োজনীয় শিক্ষা গ্ৰহণৰ পৰা ছাত্ৰ-ছাত্ৰীসকল বঞ্চিত নহয় তাৰ বাবে অতি ক্ষীপ্ৰতাৰে অসম চৰকাৰৰ শিক্ষা বিভাগক খালী হৈ থকা শিক্ষকৰ পদসমূহৰ লগতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পদসমূহ অনতি পলমে পূৰণ কৰিবলৈ কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই দাবী জনাই। শিক্ষক-কৰ্মচাৰীৰ নিযুক্তি সম্বলিত স্মাৰক পত্ৰ গ্ৰহণ কৰি কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগে শিক্ষা বিভাগলৈ প্ৰেৰণ কৰি বিষয়টো ক্ষীপ্ৰতাৰে নিস্পত্তি কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে। উলেখযোগ্য যে, কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত ইংৰাজী , ৰাজনীতি বিজ্ঞান, অৰ্থনীতি বিজ্ঞান, বুৰঞ্জী, অসমীয়া বিষয়ৰ বিষয় শিক্ষকৰ পদ খালী। লগতে খালী আছে ৪ টা সহকাৰী শিক্ষক তথা ৪ৰ্থ কৰ্মচাৰীৰ পদ। জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষা, অৰ্থনীতি বিজ্ঞান, অসমীয়া, ইংৰাজীৰ বিষয় শিক্ষক, ১১ টা সহকাৰী শিক্ষক, ৩ টা কৰ্মচাৰীৰ পদ খালী। উচ্চতৰ মাধ্যমিক শাখাৰ একমাত্ৰ বিজ্ঞান বিভাগ থকা কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, শিলঘাটৰ ইংৰাজী, ভূগোল, গণিত, উদ্ভিদ বিজ্ঞান অসমীয়া বিষয়ৰ বিষয় শিক্ষক আৰু ১৪ জন সহকাৰী শিক্ষকৰ লগতে ৫ টা কৰ্মচাৰীৰ পদ খালী হৈ আছে। কুঠৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অসমীয়া বিভাগৰ বিষয় শিক্ষক তথা ৫ টা সহকাৰী শিক্ষকৰ পদ আৰু ২ টা কৰ্মচাৰীৰ পদ খালী। আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসমীয়া, অৰ্থনীতি বিজ্ঞান, শিক্ষা বিভাগৰ বিষয় শিক্ষক আৰু ১২ টা সহকাৰী পদ তথা ২ টা কৰ্মচাৰীৰ পদ খালী হৈ আছে। তদুপৰি, কলিয়াবৰ মহকুমাৰ বহুকেইখন উচ্চ মাধ্যমিক বিদ্যালয়ত একাধিক সহকাৰী শিক্ষক আৰু কৰ্মচাৰী পদ খালী থকাত ছাত্ৰ-ছাত্ৰীসকল বিপদত পৰিছে।