পথৰুঘাটত কৃষক শ্বহীদ দিৱস উদযাপন

১৮৯৪চনৰ ২৮জানুৱাৰীত বৃটিছ চৰকাৰৰ বিৰুদ্ধে খাজানা বৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ গৈ বৃটিছৰ গুলীত বুকু পাতি শ্বহীদ হৈছিল সাতকুৰি কৃষক। যি সকল কৃষক শ্বহীদক কুকুৰ – মেকুৰৰ দৰে অমানৱীয় ভাবে টানি, চোঁচৰাই নি একেটা গাঁততে পুতি থোৱা হৈছিল।যাৰ পিছত  পথৰুঘাট ৰণৰ অমৰ স্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে প্ৰত্যেক ২৮জানুৱাৰী তাৰিখে কৃষক শ্বহীদ দিৱস উদযাপন কৰি অহা হয়। 

এইবেলি কৰ’ণা মহমাৰীৰ পৰিপ্ৰেক্ষিতত অনুষ্টুপীয়াকৈ উদযাপন কৰা হয় শ্বহীদ দিৱসটি। দৰং জিলাৰ  উপায়ুক্তই পতাকা উত্তোলন, আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই শ্বহীদ তৰ্পণৰে অনুষ্ঠানৰ আৰম্ভণি কৰে  আৰু পৰৱৰ্তী সময়ত গছপুলি ৰোপণ,  সৰ্বধৰ্ম প্ৰাৰ্থনা সভা,  স্বহীদ পৰিয়ালৰ সদস্যক সম্বৰ্ধনা দিয়াৰ লগতে মুকলি সভা অনুষ্ঠিত হয়।  শ্বহীদ বাকৰিত অনুষ্ঠিত মুকলি সভাত উপস্থিত হৈ  মন্ত্ৰী অতুল বৰাই স্বহীদ বেদীত সেৱা জনায়।মন্ত্ৰী গৰাকীয়ে কৃষক শ্বহীদক সন্মান জনোৱা মানে কৃষকক সন্মান জনোৱা বুলি উল্লেখ কৰি  সভাত   পথৰুঘাটৰ প্ৰকল্পস্হলীলৈ ২কোটি ২০লাখ টকাৰ পেকেজো ঘোষণা কৰে।


এই ঐতিহাসিক স্হলীখন বিশ্বত প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ চৰকাৰক শ্বহীদ পৰিয়াল তথা দল-সংগঠনে দাবী জনাই। ইফালে পথৰুঘাট অঞ্চলত আজিও কৃৃৃষক ৰাইজৰ খেতি পথাৰত জলসিঞ্চনৰ ব্যৱস্থা, শ্বহীদ ক্ষেত্ৰৰ পাঁচশ মিটাৰ দূৰত থকা দ্বিগজ নৈৰ বানত ছিগা মথাউৰিটো সুদীৰ্ঘ ৩৪ বছৰে মেৰামতি নোহোৱাকৈ পৰি থকাত কৃষক ৰাইজে আজিও জীয়াতু ভোগ কৰি থাকিব লগীয়া হোৱাটো বিশেষ ভাবে লক্ষণীয়। আনহাতে প্ৰস্তাৱিত পথৰুঘাটৰ  দিপীলাত নতুনকৈ হ’ব লগীয়া উন্নযন খণ্ডৰ কাৰ্যালয় আজিও স্থাপন নোহোৱাটো পৰিতাপৰ কথা।

Related Articles