নাজিৰা আৰু শিমলুগুৰি পৌৰসভাৰ ফটো সম্বলিত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

ৰাজ্যিক নিৰ্বাচনী আয়োগ অসমৰ ০৫ জানুৱাৰী ২০২২ তাৰিখৰ  অধিসূচনা নং SEC.145/2019/410 অনুসৰি নিৰ্বাচন আয়োগৰ ভোটাৰ তালিকাৰ ওপৰত নিৰ্ভৰ কৰি, ০১/০১/২০২২  ভিত্তি তাৰিখ হিচাপে লৈ প্ৰস্তুত কৰা নাজিৰা আৰু শিমলুগুৰি পৌৰসভাৰ ফটো সম্বলিত  ভোটাৰ তালিকা চূড়ান্ত সংযোজন আজি ২৮ জানুৱাৰী, ২০২২  তাৰিখে সমগ্ৰ অসমৰ লগতে নাজিৰা পৌৰসভাৰ মূঠ ১০ টা ৱাৰ্ড সামৰি স্থাপন কৰা ১৩ টা ভোট কেন্দ্ৰত আৰু শিমলুগুৰি পৌৰসভাৰ মূঠ ১০ টা ৱাৰ্ড সামৰি স্থাপন কৰা ১০ টা ভোট কেন্দ্ৰত প্ৰকাশ কৰাৰ লগতে মহকুমাধিপতিৰ কাৰ্য্যালয়ত, পৌৰসভা দুখনৰ কাৰ্য্যালয়ত আৰু নাজিৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত ভোটাৰৰ পৰ্য্যবেক্ষনৰ বাবে প্ৰকাশৰ ব্যৱস্থা কৰা হৈছে।

যোৱা ১২/ ০১/ ২০২২ তাৰিখে প্ৰকাশ হোৱা সংযোজন তালিকাৰ সৈতে নাজিৰা পৌৰসভাৰ মূঠ পুৰুষ ভোটাৰ আছিল ৫০৩১ জন আৰু মহিলা ভোটাৰ ৫৩২৯ গৰাকীৰে সৈতে মূঠ ভোটাৰ আছিল ১০, ৩৬০ জন। বৰ্তমান দাবী আপত্তি নিষ্পত্তিৰ পাছত মূঠ পুৰুষ ভোটাৰ সংযোজন হৈছে ৫৫ জন আৰু মহিলা ভোটাৰ ৭৭ গৰাকীৰ সংযোজনৰ সৈতে মূঠ ভোটাৰ সংযোজন হৈছে ১৩২ গৰাকী । এইদৰে ভোটাৰ তালিকাত মূঠ পুৰুষ ভোটাৰৰ সংখ্যা ৫০৮৬ জন আৰু মহিলা ৫৪০৬ গৰাকীৰে সৈতে মূঠ ভোটাৰ ১০,৪৯২ জন।

সেইদৰে  শিমলুগুৰি পৌৰসভাৰ কোনো ভোটাৰৰ পৰা দাবী তথা আপত্তিৰ আবেদন নোপোৱাত  মূঠ ভোটাৰৰ সংখ্যা শিমলুগুৰি পৌৰসভাৰ মূঠ ৩,৬৬০ গৰাকী মহিলা আৰু ৩,২৪৩ জন পুৰুষৰ সৈতে মূঠ ৬৯০৩ জন। নাজিৰা নগৰৰ সৰ্বোচ্চ ১৫১২ ভোটাৰ থকা ভোটকেন্দ্ৰটো হৈছে বৰতলা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু সৰ্বনিম্ন ২৪৭ জন ভোটাৰ থকা ভোটকেন্দ্ৰটো হৈছে কেন্দ্ৰীয় বিদ্যালয় নাজিৰা। সেইদৰে শিমলুগুৰি পৌৰসভাৰ সৰ্বোচ্চ ৮১০ জন ভোটাৰ থকা ভোটকেন্দ্ৰটো হৈছে ৰেলৱে এম ই স্কুল আৰু সৰ্বনিম্ন ৫০২ জন ভোটাৰ থকা ভোটকেন্দ্ৰটো হৈছে শিমলুগুৰি নগৰ প্ৰাথমিক বিদ্যালয়। 

Related Articles