লাহৰীঘাটৰ এটি কণমানিক লৈ নিঃসহায় পিতৃ মাতৃৰ উচুপনি

এটি মৰম লগা কণমানি।বয়স মাত্ৰ চাৰি মাহ।শিশুটিৰ নাম নিধিৰাণী ডেকা।এক জটিল ৰোগত আক্ৰান্ত শিশুটি।এই কণমানি শিশুটিয়ে হয়তু আপোনাকো মোহিত কৰিব ।মৰিগাঁও জিলাৰ লাহৰীঘাটৰ খহনীয়াগ্ৰস্ত কাঠনিৰ পংকজ ডেকা আৰু হিমামণি দাস ডেকাৰ একমাত্ৰ চাৰিমহীয়া কন্যা শিশুটিৰ জন্ম লগ্নৰে পৰাই নাই মলদ্বাৰ।কেৱল প্ৰস্ৰাৱ দ্বাৰে কৰি আছে শৌচ – প্ৰস্ৰাৱ।শিশুটিৰ এনে জটিলতা দেখি হতভম্ব হৈ পৰিছে দৰিদ্ৰ পিতৃ মাতৃ।কন্যা শিশুটিৰ এই জটিল অৱস্থাৰ উপাই বিচাৰি তেওঁলোকে জিএম চি এইছত ভৰ্তি কৰিছিল।পিছত চিকিৎসকে শিশুটিক তিনিটা অস্ত্ৰোপচাৰ কৰিব লগীয়া হব বুলি তেওঁলোকক অবগত কৰিছিল।

অস্ত্ৰোপচাৰৰ বাবে এতিয়া তেওঁলোকক প্ৰয়োজন হৈছে যথেষ্ট টকাৰ।অহা ফেব্ৰুৱাৰী মাহত পুনৰ শিশুটিক জি এম চি এইছত ভৰ্তি কৰিব।ইয়াকে লৈ এতিয়া দৰিদ্ৰ পিতৃ মাতৃয়ে বিমোৰত পৰিছে। উচ্চ শিক্ষিত হৈয়ো সংস্থাপনৰ অভাৱত এখন সাধাৰণ চেলুন খুলি যেনে তেনে পৰিয়াল পোহ পাল দিয়া এইগৰাকী পংকজ ডেকাৰ মূৰত এতিয়া সৰগ ভাঙি পৰিছে। খহনীয়াগ্ৰস্ত অঞ্চলটোৰ অতি দৰিদ্ৰ পৰিয়ালটোৱে এতিয়া এটি বিধ্বস্ত জুপুৰিত থকি ধনৰ অভাৱত কণমানি কন্যাৰ চিকিৎসাৰ কথা ভাবি মূৰে নিৰুপাই হৈ পৰিছে।এই মৰম লগা কন্যা শিশুটিক জীয়াই ৰাখিবলৈ এতিয়া আপোনাৰ আৰু মোৰ সহায়ৰ প্ৰয়োজন হৈছে।সেয়েহে এতিয়া এই দুই নিঃসহায় পিতৃ মাতৃয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰীৰ লগতে শুভাকাংক্ষী ৰাইজৰ সহায়ৰ হাত বিচাৰি কাতৰ আহ্বান জনাইছে।সকলোৰে সহায় সহযোগিতা বিচাৰি পিতৃ মাতৃয়ে নিজৰ একাউণ্ট নম্বৰ প্ৰদান কৰিছে শুভাকাংক্ষী ৰাইজলৈ।তেওঁলোকৰ একাউণ্ট নম্বৰ হৈছে

PANKAJ DEKA, A/C NO : 35776277709. IFSC : SBIN0006309.  

Related Articles