নগৰবেৰাত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

কামৰূপ জিলাৰ বকো সমষ্টিৰ নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত জোৰশিমলী বজাৰত আজি অভিযান চলাই নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ এদল বন কৰ্মীয়ে বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়।

জোৰশিমলী বজাৰত এচাম চোৰাং বেপাৰীয়ে মুক্ত ভাৱে অৱৈধ চোৰাং ফলা কাঠ বিক্ৰী কৰি থকাৰ খৱৰ পাই নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ বন কৰ্মীৰ দলে সংশ্লিষ্ট বজাৰত উপস্থিত হৈ বৃহৎ পৰিমাণৰ চোৰাং ফলা কাঠ জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত চোৰাং কাঠ খিনি পিছত নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত আনে অভিযানকাৰীৰ দলটোৱে।

বন বিভাগৰ দলটোক দেখি চোৰাং বেপাৰী পলাই যাবলৈ সক্ষম হয়। উল্লেখ্য যে, জব্দকৃত চোৰাং ফলা কাঠ খিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৭০ হাজাৰ টকা হব বুলি জানিব পৰা গৈছে।

Related Articles