অসম পশুধন নিগমৰ উপাধ্যক্ষ পৰেশ বৰকাকতিক সম্বৰ্ধনা

অসম পশুধন নিগমৰ নব নিযুক্ত উপাধ্যক্ষ তথা চতিয়াৰ সুসন্তান পৰেশ বৰকাকতিক আজি চতিয়াত সম্বৰ্ধনা জনোৱা হয়৷ আজি পুৱা ১০:৩০ বজাত ৩নং চতিয়া গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠান ভাগৰ সঞ্চালনা কৰে ত্ৰিনয়ন বৰাই৷ ৩নং পঞ্চায়তৰ সভাপতি উদয় শংকৰ শইকীয়াই আঁত ধৰা অনুষ্ঠান ভাগত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা উপস্থিত থাকি কয় যে “১৯৮৪ চনৰ পৰাই বিজেপিৰ সৈতে জড়িত হৈ পৰা পৰেশ বৰকাকতি মোৰ বাল্যবন্ধু৷ যি সময়ত অসমত বিজেপিৰ স্হিতি দুৰ্বল আছিল সেই সময়ত পৰেশে দলটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট কষ্ট স্বীকাৰ কৰিছিল৷আজি চৰকাৰ খনে তেখেতক অসম পশুধন নিগমৰ উপাধ্যক্ষ নিয়োগ কৰাত আতিশয় আনন্দিত হৈছে৷আশা কৰো তেওঁ নিজৰ দক্ষতাৰ নিগম খনক আগুৱাই নিব৷“ ইয়াৰ পিচতেই অসম পশুধন নিগমৰ নব নিযুক্ত উপাধ্যক্ষ পৰেশ বৰকাকতিয়ে কয় চতিয়াবাসী আজি মোক যি মৰম আৰু আশীৰ্বাদ যাচিলে তাৰ বাবে মই চিৰকৃতজ্ঞ৷ মোক আপোনাসবি আশীৰ্বাদ দিব যাতে মই মোৰ কাম সুচাৰু ৰূপে পালন কৰিব পাৰো৷

বৃহত্তৰ চতিয়া নাগৰিক সভাৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠনৰ সহযোগত অনুষ্ঠিত হোৱা আজিৰ এই অনুষ্ঠানত পৰেশ বৰকাকতিক বৃহত্তৰ চতিয়া নাগৰিক সভা,চতিয়া জ্যেষ্ঠ নাগৰিক সন্মিলন,চতিয়া নাট্য সমাজ,চতিয়া আঞ্চলিক ছাত্ৰ সন্হা,চতিয়া প্ৰেছ ক্লাৱ,ইষ্টান্তিক,চতিয়া ক্ৰীড়া সন্হা,চতিয়া আঞ্চলিক পঞ্চায়ত,যুব মৰ্চা নাগশংকৰ মণ্ডল,মহিলা মৰ্চা নাগশংকৰ মণ্ডল,কৃষান মৰ্চা,কৰ্মজীৱি আত্ম সহায়ক গোট,নাগশংকৰ জিলা পৰিষদৰ সদস্য,চতিয়া জিলা পৰিষদৰ সদস্য,বনিক সন্হা,৩নং গাওঁ পঞ্চায়ত,চতিয়া শাখা সাহিত্য সভা,সাৰ্ব্বজনিন শ্ৰীমন্ত শংকৰজ্যোতি সমাজ,চতিয়া,নাগশংকৰ মণ্ডল বিজেপি,২নং সমবায় সমিতি,পূৰ্বাঞ্চল তাই সাহিত্য সভা,মালৰ গাওঁ উন্নয়ন সমিতিকে ধৰি বিভিন্ন দল সংগঠনে তেখেতক সম্বৰ্ধনা জনায়৷ নাগৰিক সভাৰ উদ্যোগত বিভিন্ন দল সংগঠনে ৰাজহুৱা ভাবে তেওঁক এখন শৰাই আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে ৷ পত্ৰ খন পাঠ কৰে নাগৰিক সভাৰ যুটীয়া সম্পাদকৰ অন্যতম বিষ্ণু বৰুৱাই৷ উল্লেখ যে পৰেশ বৰকাকতি ১৯৭২ চনৰ মাধ্যম আন্দোলনৰ সময়ৰ পৰাই সামাজিক ক্ষেত্ৰত জড়িত হৈ পৰিছিল৷১৯৭৭ চনত তেখেত চতিয়া আঞ্চলিক ছাত্ৰ সন্হাৰ সহকাৰী সাধাৰণ সম্পাদক আৰু কাৰ্যালয় সম্পাদক হিচাপে দায়িত্ব বহন কৰিছিল৷

১৯৮১ চনত তেওঁ উচ্চ শিক্ষাৰ বাবে মাদ্ৰাছ যায়৷ ১৯৮৩ চনত অসমৰ নেলী আৰু গহপুৰত সংঘটিত ঘটনাৰ বাবে জনগনৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰি অসমীয়া ছাত্ৰ সন্হা,মাদ্ৰাছ নামেৰে সংগঠন কৰি মাদ্ৰাছত থকা অসমৰ ১৫০০- ২০০০ ছাত্ৰক নেতৃত্ব প্ৰদান কৰি সমদল,প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল৷এই সংগঠনটোৰ তেওঁ প্ৰতিষ্ঠাপক সম্পাদক আছিল৷১৯৮৪ চনত তেওঁ আৰ এছ এছৰ প্ৰতি আকৰ্ষিত হয় আৰু পৰবৰ্তী সময়ত বিজেপিত যোগদান কৰি ইয়াৰ সভা সমিতিবোৰত উপস্থিত থাকে৷বিশেষকৈ জনকৃষ্ণ মূৰ্তি আৰু গোবিন্দচাৰ্যৰ প্ৰতি আকৰ্ষিত হৈ তেওঁ বিজেপিত যোগদান কৰে৷ তেতিয়াৰ পৰা আজি লৈকে তেওঁ বিজেপিৰ এজন নিষ্ঠাবানকৰ্মী ৰূপে কাম কৰি আহিছে৷ স্পষ্টবাদী,নিৰ্ভীক পৰেশ বৰকাকতিক অসম চৰকাৰে পশুধন নিগমৰ উপাধ্যক্ষ হিচাপে নিয়োগ কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে চতিয়াবাসীয়ে৷

Related Articles