উন্মোচন ভূপেন হাজৰিকাৰ ১০ ফুট ৩ ইঞ্চি উচ্চতাৰ আবক্ষমূৰ্তি

অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ শাখা সভাৰ সন্মানেৰে স্বীকৃত নুমলীগড় শোধনাগাৰ শাখা সাহিত্য সভাৰ পৰিকল্পনা আৰু উদ্যোগত, নুমলীগড় শোধনাগাৰৰ পৃষ্ঠপোষকতাত নিৰ্মিত ১০ ফুট ৩ ইঞ্চি উচ্চতাৰ ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ আবক্ষমূৰ্তি যোৱা ২৬ জানুৱাৰী, ২০২২ তাৰিখে ডবা, কাহ, শংখ আৰু উৰুলি মঙ্গল ধ্বনিৰ মাজত শোধনাগাৰৰ পৰিচালন সঞ্চালক সৌমেন্দ্ৰ কুমাৰ বৰুৱাই আনুষ্ঠানিক ভাৱে উন্মোচন কৰে। শোধনাগাৰৰ কাৰিকৰী সঞ্চালক ভাস্কৰজ্যোতি ফুকন আৰু বিত্ত সঞ্চালক ইন্দ্ৰনীল মিত্ৰই সুধাকণ্ঠ গৰাকীৰ জীৱনী সম্বলিত ফলক উন্মোচন কৰে।

নুমলীগড় শোধনাগাৰ শাখা সাহিত্য সভাৰ সভাপতি হেমন্ত কুমাৰ নাথে আদৰণি ভাষণ আগবঢ়োৱা উক্ত অনুষ্ঠানত  ড° ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকা পৰিয়ালসহ উপস্থিত থাকে।অসমৰ এগৰাকী বিশিষ্ট কলানিৰ্দেশক, ভাস্কৰ্য্যশিল্পী নুৰুদ্দিন আহমেদে নিৰ্মাণ কৰি উলিওৱা এই মূৰ্তিভাগি নিৰ্মাণত ২৩০০ কিলোগ্ৰাম ব্ৰঞ্জ, ৩০০ কিলোগ্ৰাম তাম, ৮০ কিলোগ্ৰাম পিতলৰ ওৱেলডিং ৰড, ৫৫০ কিলোগ্ৰাম ম’ম, ৩০০০ কিলোগ্ৰাম কয়লা, ৬৩ টন কাঠখৰি, ৭৫০০ কিলোগ্ৰাম প্লাষ্টাৰ অৱ পেৰিছ, ৭৫০০ কিলোগ্ৰাম ইটাৰ গুৰি, ২৫০ কিলোগ্ৰাম ফাইবাৰ ব্যৱহৃত হয়। উক্ত অনুষ্ঠানত ভাস্কৰ্য্যশিল্পী গৰাকীক সম্বৰ্ধনা জনোৱা হয়।

Related Articles