জ্যেষ্ঠ সংবাদিক দুলাল মিশ্ৰক ‘ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা’ বঁটা প্ৰদান

সাংবাদিকসকলৰ দেশৰ বৃহত্তম সংগঠন ইণ্ডিয়ান জাৰ্ণেলিষ্ট ইউনিয়নৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক প্ৰথম বাৰৰ বাবে অসমত অনুষ্ঠিত হৈছে। গুৱাহাটী মহানগৰীৰ লাষ্টগেটস্থিত পি ডব্লিউ ডি কনভেনছল হ’লত আয়োজিত অনুষ্ঠানত আজি প্ৰদান কৰা হয় ‘ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা’ বঁটা।  ২৫ বছৰীয়া সাংবাদিকতাৰ স্বীকৃতি স্বৰূপে জ্যেষ্ঠ সাংবাদিক দুলাল মিশ্ৰক এই বঁটা প্ৰদান কৰে অসমৰ তথ্য আৰু জনসংযোগ দপ্তৰৰ মন্ত্ৰী পিযুষ হাজৰিকাই।

অসম আৰক্ষীৰ বিষয়া প্ৰসেনজিৎ দাসক আগবঢ়োৱা হয় সাহসিকতাৰ বঁটা।এই অনুষ্ঠানত অসম বিধানসভাৰ প্ৰধান সচিব হেমেন দাস(IAS), লাহৰীঘাট সমষ্টিৰ বিধায়ক ডঃ আছিফ মহম্মদ নজৰ , সাংবাদিক এনাক্ষী শইকীয়া বৰুৱাক সম্বৰ্ধনা জনোৱা হয়।   অনুষ্ঠানত  ইণ্ডিয়ান জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাপতি বি.আৰ. প্রজাপতি ,অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা,অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকা,ৰাজ্যিক সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাতুল বৰা প্ৰমুখ্যে আন আন বিষয়ববীয়া সকলৰ লগতে অসম সংখ্যালঘু উন্নয়ন বোর্ডৰ অধ্যক্ষ হবিব মহম্মদ চৌধুৰী , শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সচিব বাবুল বৰা  আদি উপস্থিত থাকে।

Related Articles