মৰিগাঁও জিলা যোগ সন্থাৰ সাধাৰণ সভা সম্পন্ন

মৰিগাঁও জিলা ক্ষীৰুদ বৰুৱা ষ্টেডিয়াম প্ৰেক্ষাগৃহত মৰিগাঁও জিলা যোগ সন্থাৰ এখন গুৰুত্বপূৰ্ণ সাধাৰণ সভা অনুষ্ঠিত হয় ৷ জিলা যোগ সন্থাৰ সভাপতি ধনঞ্জয় তালুকদাৰ আৰু সম্পাদক মানস নাথে এক প্ৰেছ বিজ্ঞপ্তি যোগে সংবাদ মাধ্যমক জনোৱা মতে জিলা যোগ সন্থাৰ সভাপতি ধনঞ্জয় তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ   সভা খনৰ জৰিয়তে জিলাখনৰ সাংগঠনিক দিশত বিভিন্ন আলোচনা কৰাৰ লগতে মৰিগাঁও জিলা যোগ সন্থাই প্ৰতিষ্ঠা কালৰে পৰা অৰ্থত ২০২০ চনৰ পৰা অসম যোগ সন্থাৰ লগত থাকি কাম কৰি গৈছিল যদিও শেহতিয়াকৈ অসম যোগ সন্থাৰ সাধাৰণ সম্পাদক প্ৰভাত বৰাৰ একনায়কত্ববাদ আৰু মইমতালিৰে ৰাজ্যিক যোগ সন্থাটো পৰিচালনা কৰাত ক্ষুন্ন হৈ পৰিছে মৰিগাঁও জিলা যোগ সন্থা ৷

ৰাজ্যিক সম্পাদক গৰাকীয়ে বিশেষকৈ ৰাজ্যিক যোগাসন প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ ছাত্ৰছাত্ৰীক অংশগ্ৰহণত বাধা প্ৰদান কৰা , পক্ষপাত মূলক আচৰণ কৰা , ৰাজ্যিক যোগাসন প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত ছাত্ৰছাত্ৰীক বিগত  ৪৫ দিনে মানপত্ৰ প্ৰদান নকৰা ইত্যাদি বিষয়ত ৰাজ্যিক বিষয়ববীয়াৰ প্ৰতি ক্ষুন্ন হৈ আজি সাধাৰণ সভাৰ জৰিয়তে আজিৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ  অসম যোগ সন্থাৰ লগত কোনো ধৰণৰ সম্পৰ্ক আৰু যোগাযোগ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ আনহাতে মৰিগাঁও জিলাই নিজাববীয়াকৈ কামকৰি যাব বুলিও সিদ্ধান্ত গ্ৰহণ কৰে ৷ উল্লেখ্য যে এই সভাতে যোৱা ৯ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ গুৱাহাটীত অনুষ্ঠিত হোৱা ৰাজ্যিক যোগাসন প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত ক্ৰমে কমল চন্দ্ৰ নাথ , শ্বৰ্ণলতা দেৱী , অভিজ্ঞান নাথ , স্তুতি দেৱীক জিলা যোগ সন্থাৰ তৰফৰ পৰা একোখনকৈ গামোচা আৰু পদকেৰে সম্বৰ্ধনা জনোৱা হয় ৷ লগতে জিলা আৰু ৰাজ্যিক পৰ্যায়ত অংশগ্ৰহণ কৰা প্ৰতিযোগিতা ছাত্ৰছাত্ৰী সকলক মানপত্ৰ প্ৰদান কৰা হয় ৷

Related Articles