ওদালগুৰি শংকৰদেৱ মিচন মাধ্যমিক বিদ্যালয়ৰ সোনালী জয়ন্তী উৎসৱৰ শুভাৰম্ভণি

ওদালগুৰি শংকৰদেৱ মিচন মাধ্যমিক বিদ্যালয়ৰ সোনালী জয়ন্তী উৎসৱৰ শুভাৰম্ভণি অনুষ্ঠানৰ কাৰ্যসূচী ৩১জানুৱাৰীত বিদ্যালয় প্ৰাঙ্গণত বন্তি প্ৰজ্বলন আৰু পতাকা উত্তোলনেৰে অনুষ্ঠিত হৈ যায়। এই উপলক্ষে পুৱা ১০ বজাত আড়ম্বৰপূৰ্ণভাৱে এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলন কৰে বিদ্যালয় খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা প্ৰতিষ্ঠা কালৰ পৰিচালনা সমিতিৰ সদস্য কৃষ্ণকান্ত দাসে। 

বিদ্যালয় খনৰ শিক্ষক নৰহৰি পাঠকে আতঁধৰা অনুষ্ঠানত পতাকা উত্তোলক কৃষ্ণকান্ত দাসে বিদ্যালয় খনৰ স্মৃতি ৰোমন্হন কৰি কয়- শিক্ষা জীৱনৰ আদিপাঠ।এই শিক্ষানুষ্ঠান গঢ়ি তোলাৰ বাবে গৌৰৱান্বিত।সেয়ে আজি মই আনন্দিত হৈ পৰিছো।বিদ্যালয়খনৰ প্ৰতিষ্ঠা কালৰ ইতিহাস স্মৃতি ৰোমন্হন কৰি আবেগিক হৈ পৰে।তেওঁ বিদ্যালয় খনৰ সোনালী জয়ন্তী উৎসৱৰ সফল ৰূপায়নৰ কামনা কৰি সকলোৰে সহযোগিতা কামনা কৰে।

উক্ত অনুষ্ঠানত ওদালগুৰিৰ বিধায়ক তথা বিবিচিৰ উপমুখ্য কাৰ্যবাহী গোবিন্দ চন্দ্ৰ বসুমতাৰী উপস্হিত থাকি বিদ্যালয়খনৰ সোনালী জয়ন্তী উৎসৱৰ সফলতা কামনা কৰাৰ লগতে  সকলোৰে সহযোগিতা কামনা কৰে আৰু তেওঁ সকলো ধৰণৰ সহযোগ কৰাৰ আশ্বাস প্ৰদান কৰি বৌদ্ধিক উত্তৰণৰত  বিদ্যালয় খনৰ অৱদানৰ কথা শ্ৰৰ্দ্ধাৰে সোঁৱৰণী কৰে  ।৩১জানুৱাৰীৰ এই মাঙ্গলিক কাৰ্যসূচীত অঞ্চলটোৰ বিশিষ্ট নাগৰিক সকল, প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকল, বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰী সকল, অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী সকলৰ লগতে বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে।

Related Articles