ধেমাজিত পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তি কৰ্মচাৰীৰ কৰ্ম বিৰতি

ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ড অন্তৰ্গত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত কৰ্মৰত ঠিকাভিত্তি কৰ্মচাৰী সকলে আজিৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ বৰদলনি উন্নয়ন খণ্ডৰ কাৰ্যালয় চৌহদত লৈকে কৰ্ম বিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিছে ৷ উল্লেখ্য যে পঞ্চায়ত কৰ্মচাৰী সকলে বিভিন্ন চৰকাৰী চাকৰিৰ তুলনাত তেওঁলোকে অসম চৰকাৰৰ পৰা অতি কম পৰিমাণৰ বেতন লাভ কৰি আহিছে ৷ ফলত ঠিকাভিত্তিক কৰ্মচাৰী সকলে নিজৰ পৰিয়াল চলোৱাটোৱে কঠিন হৈ পৰিছে ৷ মাহিলী নগন্য পৰিমাণৰ দৰমহা দি চৰকাৰে ঠিকাভিত্তিক পঞ্চায়ত কৰ্মচাৰী সকলক ন্যায়ৰ পৰা বঞ্চিত কৰা বুলিও তেওঁলোকে অভিযোগ কৰিছে ৷ তেওঁলোকে মূলতঃ চৰকাৰৰ ওচৰত ৬ টা দাবীৰ সমৰ্থনত এই সপ্তাহজোৰা কৰ্ম বিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷

দাবী সমূহ হৈছে- ঠিকাভিত্তিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰী সকলৰ চাকৰি ৬০ বছৰলৈ সুনিশ্চিত কৰা, সকলো কৰ্মচাৰীক সম কামৰ সম মৰ্যাদা প্ৰদান কৰা, সকলো কৰ্মচাৰী আৰ অ পি ব্যৱস্থা কৰা, চাকৰিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৰ হস্তক্ষেপ কৰা, চৰকাৰী কৰ্মচাৰী সকলে লাভ কৰা সকলো সুবিধা প্ৰদান কৰা, বিভাগত খালি হোৱা প্ৰতিটো পদৰ বিপৰীতে অভিজ্ঞতা আৰু যোগ্যতা অনুসৰি সকলো ঠিকাভিত্তিক কৰ্মচাৰীক বিভাগীয় ভাৱে পৰিক্ষা পাতি নিযুক্তি প্ৰদান কৰা আদি ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্ম বিৰতিৰ ফলত বৰদলনি উন্নয়ন খণ্ডৰ অন্তৰ্গত সকলোবোৰ কাম-কাজ স্তব্ধ হৈ পৰাটো নিশ্চিত হৈছে ৷

Related Articles