জিলাই জিলাই টেট শিক্ষকৰ অৱস্থান ধৰ্মঘট

আজি পহিলা ফেব্ৰুৱাৰীৰ দিনটোতে পুৱা ১১ বজাৰ পৰা অসমৰ প্ৰতিখন জিলাৰ দৰে ধুবুৰী জিলাতো সৰ্বশিক্ষাৰ অধীনৰ ঠিকাভিত্তিক টেট্ উত্তীৰ্ণ শিক্ষকসকলে ‘এঘণ্টীয়া অৱস্থান ধৰ্মঘট’ কাৰ্যসূচী ৰূপায়ন কৰে। উল্লেখযোগ্য যে ধুবুৰী জিলা মিছন সমন্বয়কৰ কাৰ্যালয় প্ৰাঙ্গনত ক’ভিড নিয়ম মানি ধুবুৰী জিলাৰ সৰ্বশিক্ষাৰ অন্তৰ্গত টেট্ উত্তীৰ্ণ শিক্ষকসকলে নিজৰ প্ৰাপ্যৰ দাবীত এই কাৰ্যসূচী ৰূপায়ন কৰে।

উল্লেখ থাকে যে ২০১৩ চনৰ পৰা আৰ.অ.পি অনুযায়ী দৰমহা লাভ কৰি অহা এইসকল শিক্ষকক ২০১৭ চনৰ পৰা শিক্ষাবিভাগৰ এক নিৰ্দেশনাযোগে সপ্তম দৰমহা আয়োগৰ নিৰ্ধাৰিত হাৰত দৰমহা দিয়া হৈছিল। কিন্তু কোনো ৰহস্যজনক কাৰণত বিভাগীয় অৱহেলাৰ বাবে ২০১৯ চনৰ পৰা এইসকল শিক্ষকে বৰ্ধিত হাৰৰ মৰগীয়া বানচ লাভ কৰা নাই। বৰ্তমানে নীতি অনুসৰি এইসকল শিক্ষকে ৩১ শতাংশ মৰগীয়া বানচ লাভ কৰিব লাগিছিল যদিও কেৱল ১২ শতাংশ মৰগীয়া বানচ লৈয়ে চাকৰি কৰি থাকিবলগীয়া হৈছে। ২০১৯ চনৰ পৰা ৫ শতাংশ আৰু তাৰ পাছত চৰকাৰৰ ঘোষিত ক্ৰমে ১১ আৰু ৩ শতাংশ মৰগীয়া বানচ তথা তাৰ বকেয়াৰ পৰাও বঞ্চিত হৈ আছে এইসকল শিক্ষক।

শিক্ষকসকলৰ দাবী অনুসৰি চৰকাৰে নিজৰ পূৰ্বৰ কেবিনেট সিদ্ধান্ত তথা ৰাজ্যপাল নিৰ্দেশনাকো ভঙ্গ কৰিছে। উল্লেখযোগ্য যে ১ জুলাই ২০২০ ইং তাৰিখে ৰাজ্যচৰকাৰৰ কেবিনেট সিদ্ধান্তৰ ৰাজ্যপাল নিৰ্দেশনা অনুসৰি এইসকল শিক্ষকে নিয়মীয়া হাৰত দৰমহা লাভৰ উপৰি ৫ লাখ টকা পৰ্যন্ত মেডিকেল ৰি-ইম্বাৰ্চমেণ্ট, বেংকলোন (আপোনঘৰ) আদিৰ সুবিধা লাভ কৰিব লাগে। কিন্তু এইসকল শিক্ষকক আজি পৰ্যন্ত কাগজে-পত্ৰই সুবিধা দিয়াৰ বাহিৰে বাস্তৱত একোৱে দিয়া হোৱা নাই।

যিটো সময়ত শিক্ষামন্ত্ৰীয়ে ‘প্ৰায় নিয়মীয়াকৰণ’ৰ নামত “সমহাৰত দা-দৰমহা দিয়া হৈ আছে” বুলি বিভিন্ন সংবাদ মাধ্যমত ঘোষণা কৰি আহিছে দৰাচলতে বাস্তৱত এয়া সম্পূৰ্ণ মিছা। এইসকল শিক্ষকে অন্য সুবিধা, সন্মান আদিৰ পৰা বঞ্চিত হৈ থকাৰ উপৰি নিয়মীয়া বৰ্ধিত হাৰৰ দৰমহা, এনপিএচ, চাৰ্ভিচ বুক, বেংকলোন, মেডিকেল ৰি-ইম্বাৰ্চমেণ্ট, এম.এ.চি.পি.এচ, শিক্ষক বঁটাৰ সুবিধা আদি সকলো প্ৰাপ্যৰ পৰাও বঞ্চিত হৈ আছে।যিটো সময়ত উচ্চতম ন্যায়ালয়ে সম কামৰ সম দৰমহাৰ কথা কৈ আহিছে একে সময়তে বৰ্তমানৰ শিক্ষা বিভাগ তথা বিভাগীয় মন্ত্ৰীয়ে নিজৰে বিভাগীয় নিৰ্দেশনা তথা কেবিনেট সিদ্ধান্তক ভঙ্গ কৰিছে।
শিক্ষক সমাজে বহুবাৰ বিভাগীয় মন্ত্ৰীক প্ৰাপ্য আদায়ৰ কাকূতি-মিনতি কৰিছিল যদিও বিভাগীয় মন্ত্ৰী আৰু শিক্ষা বিভাগে গুৰুত্ব প্ৰদান কৰা নাই।

যাৰ পৰিপ্ৰেক্ষিতত আজি অসমৰ প্ৰতিখন জিলাতে ‘সদৌ অসম প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সমাজ’ৰ আহ্বানমৰ্মে ক’ভিড নীতি মানি শিক্ষক প্ৰতিনিধিৰ জৰিয়তে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। সমাজৰ ধুবুৰী জিলাৰ নেতৃত্বই জনোৱা অনুসৰি পেব(PAB) ৰ নিৰ্দেশনা অনুযায়ী এইসকল শিক্ষকৰ দ্বৈত কেডাৰ ভঙ্গ কৰি নিয়মীয়াকৰণ নকৰিলে তথা পূৰ্বৰ বিভাগীয় তথা চৰকাৰী কেবিনেট ঘোষণা অনুসৰি দিবলগীয়া সুবিধা আৰু প্ৰাপ্যসমূহ আদায় নিদিলে শিক্ষকসকল ৰাজপথলৈ ওলাবলৈ বাধ্য হ’ব। প্ৰয়োজনত শিক্ষকসকলে গুণোৎসৱ তথা অন্যান্য চৰকাৰী দায়িত্ব সমূহতো অসহযোগ কৰিবলৈ বাধ্য হ’ব।

অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পৰাই শিক্ষক সমাজৰ জিলা নেতৃত্বই অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰদৰ্শন কৰি জনাই যে “আজি সকলো সমস্যাৰ সমাধান বিচাৰি ৰাজ্যখনৰ মূৰব্বী মুখ্যমন্ত্ৰী গৰাকীলৈ স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে আৰু আমাৰ বিশ্বাস মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰি শিক্ষকসকলক ইতিমধ্যে ঘোষণা কৰি থোৱা সুবিধাসমূহ সঁচা অৰ্থত প্ৰদান কৰিব।”।

Related Articles