আজি গণেশ চতুৰ্থীঃ মন্দিৰত ভক্তৰ দীঘলীয়া শাৰী

সমগ্ৰ দেশৰ লগতে অসমতো সিদ্ধিদাতা গণেশৰ পূজা-অৰ্চনা কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহনগৰীতো গণেশ চতুৰ্থী উপলক্ষে দেখা গৈছে উখল-মাখল পৰিৱেশ। শুকুৰবাৰৰ পুৱাৰে পৰা গণেশ মন্দিৰসমূহত দেখা গৈছে ভক্তৰ দীঘলীয়া শাৰী। মন্দিৰ পৰিচালনা সমিতিয়ে সম্পূৰ্ণ কোভিড প্ৰট’ক’ল মানি চলা দেখা গৈছে।

লতাশিল গণেশ মন্দিৰ, গণেশগুৰিৰ গণেশ মন্দিৰত পুৱাৰে পৰা ভক্তপ্ৰাণ ৰাইজে কৰিছে পূজা-অৰ্চনা, জ্বলাই ধূপ, চাকি। উল্লেখ্য যে, হিন্দু ধৰ্মৰ দেৱতাসকলৰ ভিতৰত গণেশকেই মুখ্য স্থান দিয়া হয় অৰ্থাৎ আদি পূজা কৰা। বিঘ্নি বিনাশক, প্ৰথমপূজ্য গণেশক পূজা কৰি সকলোৱে কৰিছে মংগল কামনা।

Related Articles