যোগীৰ সম্পত্তিৰ পৰিমাণ জানিলে চকু কপালত উঠিব আপোনাৰ

উত্তৰ প্ৰদেশৰ নিৰ্বাচন দুৱাৰমুখত। প্ৰথমবাৰৰ বাবে যোগী আদিত্যনাথে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে অমিত শ্বাহৰ সৈতে শুক্ৰবাৰে গোৰখপুৰ সমষ্টিৰ পৰা নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিছে। যোগীয়ে নিৰ্বাচনী শপতনামাত তেওঁৰ সম্পত্তিৰ পৰিমাণ উল্লেখ কৰিছে। যোগী আদিত্যনাথে দাখিল কৰা শপতনামা অনুসৰি, বৰ্তমান তেওঁৰ ওচৰত ১,৫৪,৯৪,০৫৪ টকাৰ সম্পত্তি আছে। তেওঁৰ এটা ফোন, হাতত নগদ ধন, ছয়টা বেংক একাউণ্টত টকা আৰু সঞ্চয়ো আছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ চেমচাঙৰ এটা সাধাৰণ মোবাইল ফোন ব্যৱহাৰ কৰে, যাৰ মূল্য ১২,০০০ টকা। যোগীয়ে কাণত দুযোৰ কুণ্ডলীও পিন্ধে। ২০ গ্ৰাম ওজনৰ সেই কুণ্ডলীযোৰৰ মূল্য ৪৯,০০০ টকা লগতে ১০ গ্ৰাম ওজনৰ সোণৰ চেইন আৰু ৰুদ্ৰাক্ষ আছে, যাৰ মূল্য ২০,০০০ টকা।

যোগীয়ে কয় যে ২০২০-২১ বিত্তীয় বৰ্ষত তেওঁৰ উপাৰ্জন আছিল ১৩ লাখ ২০ হাজাৰ ৬৫৩ টকা। ২০১৯-২০ বিত্তীয় বৰ্ষত তেওঁৰ উপাৰ্জন আছিল ১৫ লাখ ৬৮ হাজাৰ ৭৯৯ টকা। ২০১৮-১৯ বিত্তীয় বৰ্ষত ই আছিল ১৮ লাখ ২৭ হাজাৰ ৬৩৯ আৰু ২০১৭-১৮ বিত্তীয় বৰ্ষত  ৬৭ লাখ  আছিল। যোগী আদিত্যনাথে শপতনামাত কৈছে যে তেওঁৰ কোনো কৃষিযোগ্য ভূমি বা আন ভূমি নাই, তেওঁৰ আনকি নিজৰ গাড়ীও নাই।  যোগী আদিত্যনাথৰ ওচৰত বন্দুক আছে। শপতনামা অনুসৰি, তেওঁৰ ওচৰত এটা ৰিভলভাৰ আৰু ৰাইফল আছে। যাৰ মূল্য ক্ৰমান্বয়ে ৮০ হাজাৰৰ পৰা ১  লাখ টকা।

লক্ষণীয় যে, যোগী আদিত্যনাথে প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে। যোগী আদিত্যনাথে ১৯৯৮ চনৰ লোকসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে গোৰখপুৰ আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল আৰু সেই নিৰ্বাচনত তেওঁ জয়ী হৈছিল। তাৰ পিছত, ১৯৯৯, ২০০৪, ২০০৯ আৰু ২০১৪ চনত, তেওঁ লোকসভা নিৰ্বাচনত একেৰাহে পাঁচবাৰৰ বাবে  জয়ী হৈছিল। যোগীক ২০১৭ চনত বিধান পৰিষদৰ সদস্য হিচাপে মনোনীত কৰা হৈছিল আৰু তেতিয়াৰ পৰা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ অধ্যক্ষত অধিষ্ঠিত হৈ আছে। মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত তেওঁ সাংসদ পদৰ পৰা পদত্যাগ কৰিছিল।

Related Articles