বঙাইগাঁৱৰ অভয়াপুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

বঙাইগাঁও জিলাৰ অভয়াপুৰী থানা আৰু উত্তৰ শালমাৰা আৰক্ষী চকীৰ অন্তৰ্গত চৌটাকীৰ ৰাষ্ট্ৰীয় ঘাইপথত দুপৰীয়া সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত এজন বাইক চালক থিতাতে নিহত হয ৷ জানিব পৰামতে, জিলাখনৰ দেওহাটী দিশৰ পৰা যোগীঘোপা দিশলৈ গৈ থকা গৈ থকা ট্ৰাক এখনৰ সৈতে ৰাষ্ট্ৰীয় ঘাইপথৰ চৌটাকীত বিপৰীত দিশৰ পৰা আহি থকা বাইক এখনৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতেই উক্ত দুৰ্ঘটনা সংঘটিত হয় ৷

সংঘৰ্ষ ইমানেই ভয়াবহ আছিল যে, ট্ৰাকৰ সমুখত পৰা বাইকখন চালকৰ সৈতে বহুদুৰ চোচৰাই নিয়াৰ পাচত বাইকখনৰ ইন্ধনৰ টেংকী ফুটি অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ ফলত বাইকসহ চালকজন সম্পূৰ্ণৰূপে অগ্নিদগ্ধ হোৱাৰ লগতে বাইক চালকজন থিতাতে মৃত্যুক সাবটি লবলগীয়া হয় ৷ বাইকখনৰ নম্বৰ এ.এচ.১৯এন ৫৩১৩ আৰু ট্ৰাকৰ নম্বৰ এ.এচ.১১৭.২৭৬৫ বুলি জানিব পৰা গৈছে । বাইক আৰোহীজন বঙাইগাঁও জিলাৰ নয়াগাঁও তৃতীয় খণ্ডৰ ৰঘুনাথ বৰ্মন (১৮) ।

Related Articles