দৰঙত ড্ৰাগছ ব্যৱসায়িক এনকাউণ্টাৰ

ৰাজ্যখনৰ আন আন জিলাৰ লগতে দৰং জিলাতো অপৰাধীৰ বিৰুদ্ধে অধিক তৎপৰ হৈ পৰিছে দৰং আৰক্ষী । ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে আৰক্ষীৰ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অপৰাধীৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণকৰাৰ পাছতে ধাৰাবাহিক ভাৱে ৰাজ্যত সংঘটিত হব ধৰিছে ইটোৰ পাছত সিটো এনকাউন্টাৰ । উল্লেখযোগ্য যে কিছুদিন পূৰ্বে নগাঁৱত সংঘটিত ছাত্র নেতা কীৰ্তিকমল বৰাৰ এনকাউন্টাৰৰ ঘটনাৰ পিছত ৰাজ্যজুৰি প্ৰতিবাদৰ ঢৌ উঠিছিল মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীৰ বিৰুদ্ধে । বিৰোধীৰ পৰা আৰম্ভ কৰি একাংশ দল-সংগঠনে ৰাজ্যত সংঘটিত ধাৰাবাহিক এনকাউন্টাৰৰ ঘটনাক ভুৱা এনকাউন্টাৰ আখ্যা দিয়াৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেল যোগে নিজৰ স্থিতি স্পষ্ট কৰি কৈছিল যে অপৰাধীৰ বিৰুদ্ধে এনকাউন্টাৰ অব্যাহত থাকিব ।  ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এনকাউন্টাৰৰ ঘটনা সংঘটিত হৈ থকাৰ সময়তে দৰং জিলাতো সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা ।

ঘটনাৰ বিৱৰণী অনুসৰি দৰং জিলাৰ  ধূলা আৰক্ষী থানাৰ আৰক্ষীয়ে হীৰাপাৰাৰ পৰা শুক্ৰবাৰে কুদ্দুছ আলী  (২৫) নামৰ এজন ড্ৰাগছ ব্যৱসায়ীক  আটক কৰে । আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে  নিশাৰ ভাগত আৰক্ষীয়ে  ধূলা থানাৰ অন্তর্গত ঘাটপাৰত ড্ৰাগছৰ ঘাটি দেখুৱাবলৈ কুদ্দুছ আলীক নিয়াৰ সময়তে কুদ্দুছে পলাবলৈ চেষ্টা কৰে আৰু  আৰক্ষীয়ে তৎমুহুৰ্ততে  গুলিয়াই আহত কৰে কুদ্দুছক ।  ধনশিৰি কাষত আৰক্ষীৰ আবেষ্টনিৰ  পৰা পলায়ন কৰিবলৈ চেষ্টা কৰোঁতেই আৰক্ষীয়ে এনকাউন্টাৰ কৰে বুলি জানিব পৰা গৈছে ।  আৰক্ষীয়ে তিনি জাই গুলী কৰাৰ  ফলত  সো ভৰিৰ আঠুৰ তলত গুলী  লাগে কুদ্দুছ আলীৰ । ভৰিত গুলী লাগি আঘাত প্ৰাপ্ত হোৱা কুদ্দুছক আৰক্ষীয়ে  মঙলদৈ অসামৰিক চিকিৎসালয়ত যোৱা নিশা ১২-৩০ বজাত ভৰ্তি কৰায় যদিও শনিবাৰে ১১ বজাত চিকিৎসালয়ৰ পৰা আৰক্ষীয়ে চমজি লয় বুলি জানিব পৰা গৈছে । আৰক্ষী সুত্ৰই  প্ৰকাশ কৰা মতে  ড্ৰাগছ মাফিয়া কুদ্দুছ আলীৰ জিম্মাৰ পৰা  নগদ পাচ হাজাৰ টকাৰ লগতে চাৰিটা ড্ৰাগছ কন্টেইনাৰ , ছয় গ্ৰাম ব্ৰাউন ছুগাৰ  জব্দ কৰা হয় ।  ঘটনা সম্পৰ্কে আৰক্ষীয়ে কুদ্দুছক সোধপোছ  কৰি আছে । বৰ্তমানলৈ আৰক্ষীয়ে সবিশেষ  তথ্য সদৰি কৰা নাই। আজি  কুদ্দুছ আলীক  মঙলদৈ আদালতত হাজিৰ কৰোৱাৰ কথা । উল্লেখযোগ্য যে বিভিন্ন অপৰাধ জনিত ঘটনাত জড়িত থকাৰ অপৰাধত আৰক্ষীয়ে ইয়াৰ  পূৰ্বেও গ্ৰেপ্তাৰ কৰিছিল কুদ্দুছ আলীক । 

Related Articles