৯২ বছৰ বয়সত মহাপ্ৰয়াণ কোকিলকণ্ঠী লতা মংগেশকাৰৰ

ইতিহাস হ’ল এক সোণালী কণ্ঠ। কভিডযুদ্ধত পৰাজিত হৈ ইহ সংসাৰৰ পৰা বিদায় মাগিলে সুৰৰ সম্ৰাজ্ঞীয়ে। ভাৰতৰত্ন লতা মংগেশকাৰ আৰু নাই। মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ। ২৯ দিন ধৰি চিকিত্সাধীন হৈ আছিল কোকিলকণ্ঠী লতা মংগেশকাৰ। শনিবাৰে হাস্পতালত জ্যেষ্ঠ ভগ্নীৰ স্বাস্থ্যৰ বুজ লৈছিল আশা ভোছলেই। প্ৰায় দুঘণ্টা সময় ধৰি হাস্পতালত সময় কটায় আশা ভোছলেয়ে। দেশবাসীক প্ৰাৰ্থনা কৰিবলৈও আহ্বান জনাইছিল আশা ভোছলেই। দেশবাসীৰ প্ৰাৰ্থনাৰ মাজতে ইহ সংসাৰৰ পৰা বিদায় ল’লে লতা মংগেশকাৰে। উল্লেখ্য যে কৰ’ণাত আক্ৰান্ত হৈছিল কোকিলকণ্ঠী লতা মংগেশকাৰ। ডাঃ প্ৰতীত চামদানীৰ তত্বাৱধানত চিকিত্সাধীন হৈ আছিল লতা মংগেশকাৰ।

লতাজীয়ে প্ৰায় দুবছৰ ধৰি ঘৰ এৰি যোৱা নাছিল। মাজে সময়ে সামাজিক মাধ্যমৰ জৰিয়তে অনুৰাগীসকলক বাৰ্তা দিছিল। বৰ্ধিত বয়স আৰু স্বাস্থ্য দুৰ্বল হোৱাৰ বাবে কোঠাতে অধিক সময় অতিবাহিত কৰিছিল। ঘৰৰ এজন কৰ্মচাৰী কৰোণা পজিটিভ হোৱাৰ পিছত স্বাস্থ্য পৰীক্ষা কৰা হৈছিল। ৮ জানুৱাৰীত কভিড পজিটিভ পোৱা গৈছিল। লতাজীৰ মৃত্যুত ২ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে। অন্তিম দৰ্শনৰ বাবে মুম্বাইৰ শিৱাজী পাৰ্কত ৰখা হ’ব নশ্বৰদেহ। বিএমচিৰ পিআৰঅ’ তানাজী কাম্বলে সদৰি কৰা অনুসৰি শিৱাজী পাৰ্কৰ শ্মশানত লতাজীৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। অৱশ্যে ইয়াৰ সময় এতিয়াও নিশ্চিত কৰা হোৱা নাই।

Related Articles