বিহু পাতিবলৈ আমি দিম টকাঃ মুখ্যমন্ত্ৰী

বিহু পাতিবলৈ চৰকাৰে দিব টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ঘোষণা। এক সংবাদমেলযোগে তেওঁ কয়- বিহুৰ নামত যদি কোনোয়ে চান্দা নোতোলে তাৰ বাবে ৰাজ্যচৰকাৰে এক সিদ্ধান্ত গ্ৰহণ কৰিছে।

সেই অনুসৰি বহাগৰ প্ৰথম ৭টা দিনৰ ভিতৰত বিহু অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰে আয়োজকসকলক দিব ডেৰ লাখকৈ টকা। অৱশ্যে এই বিহু ১০বছৰৰ পুৰণি হব লাগিব। এইবাৰ বহাগ বিহু সুচাৰুৰূপে অনুষ্ঠিত কৰিব পাৰিব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Related Articles