বঙাইগাঁও প্ৰেছ ক্লাবত লতা মংগেশকাৰলৈ শ্ৰদ্ধাঞ্জলি

কোকিলকণ্ঠী গায়িকা, ভাৰতৰত্ন লতা মংগেশকাৰৰ মহাপ্ৰয়াণত বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰিছে ৷ লগতে শিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কৰিছে ৷ ইপিনে কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাৱত সাংবাদিকসকলৰ লগতে বঙাইগাঁও জিলা শিল্পী সমাজে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে ৷ অনুষ্ঠানত নাইটিংগেল অৱ ইণ্ডিয়াখ্যাত প্ৰয়াত লতা মংগেশকাৰৰ প্ৰতিচ্ছবিৰ সন্মুখনত শিল্পী পেঞ্চানাৰ নন্দকিশোৰ চৌধুৰীয়ে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আৰম্ভ কৰে ৷

ইয়াৰ পিছতে শিল্পী সমাজৰ ভাৰপ্ৰাপ্ত সভাপতি নন্দলাল বৰ্মন, উপদেষ্টা দীপক দাস, সম্পাদক মনোৰঞ্জন বৰ্মনৰ লগতে প্ৰেছ ক্লাবৰ সদস্যসকলে শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ শিল্পী সমাজৰ বিষয়ববীয়াসকলে শিল্পীগৰাকীক তেওঁ গোৱা গীত গাই শ্ৰদ্ধাঞ্জলি জনায় ৷ অনুষ্ঠানত শিল্পী পেঞ্চনাৰ নন্দকিশোৰ চৌধুৰীয়ে মুম্বাইত জীৱন্ত কিংবদন্তী লতা মংগেশকাৰক লগ পোৱাৰ কথা ব্যক্ত কৰি তেওঁৰ মৃত্যু অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে ৷ লগতে এই ক্ষতি কেতিয়াও পূৰণ নহয় বুলিও কৈ এফাকি তেওঁৰ গীতৰে শ্ৰদ্ধাঞ্জলি জনাই আত্মাৰ সদগতি কামনা কৰে ৷ সেইদৰে শিল্পী সমাজেও আজিৰ দিনটো এটা অত্যন্ত দুখৰ দিন বুলি উল্লেখ কৰি কয় যে ভৱিষ্যতে এনে কোকিলকণ্ঠ গায়িকা আৰু যে পাম সেয়া সন্দেহ আছে ৷ তেওঁ আছিল দেশৰ গৌৰৱ ৷ ইতিমধ্যে দেশৰ সাংস্কৃতিক ক্ষেত্ৰৰ লগতে দেশৰ সৰ্বোচ্চ বঁটা লাভ কৰিছে ৷ দেশৰ সংগীত সম্ৰাজ্ঞীগৰাকীৰ মৃত্যু অপূৰণীয় ক্ষতি বুলি কৈ প্ৰয়াত শিল্পীগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰে ৷

Related Articles