পঞ্চভূতত বিলীন হ’ল কোকিলকণ্ঠী লতা মংগেশকাৰ

কোকিলকণ্ঠী আৰু নাই, শিৱাজী পাৰ্কত পঞ্চভূতত বিলীন হ’ল লতা মংগেশকাৰৰ নশ্বৰ দেহ, ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন, দুদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা চৰকাৰৰ।দেওবাৰে পুৱা ৮ বাজি ১২ মিনিটত মুম্বাইত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে সংগীত জগতৰ সম্ৰাজ্ঞীগৰাকীয়ে। প্ৰায় চাৰি সপ্তাহ ধৰি মুম্বাইৰ ব্ৰিছ কেণ্ডী হস্পিতালত চিকিৎসাধীন হৈ আছিল লতা মংগেশকাৰ। কোভিড আক্ৰান্ত হোৱাৰ পিছত তেওঁক যোৱা ১১ জানুৱাৰীত মুম্বাইৰ ব্ৰীছ কেণ্ডি হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল। কোভিডত আক্ৰান্ত শিল্পীগৰাকী কিছুদিন পূৰ্বে নিউম’নিয়াতো আক্ৰান্ত হৈছিল যদিও কিছু সুস্থ হোৱাৰ পিছত কালি তেওঁৰ স্বাস্থ্যৰ অৱনতি পুনৰ ঘটে আৰু ততাতৈয়াকৈ তেওঁৰ ভেন্টিলেশ্যনত ৰকা হয়। পুৱা চিকিৎসকৰ সকলো চেষ্টা বিফল কৰি তেওঁ চকু মুদে।

১৯২৯চনৰ ২৮ ছেপ্টেম্বৰত ইন্দোৰৰ এক মাৰাঠী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল লতা মংগেশকাৰে। লতাৰ পিতৃ আছিল থিয়েটাৰ কোম্পানীৰ মালিক আৰু মাৰাঠী চলচ্চিত্ৰ প্ৰযোজক দীননাথ মংগেশকাৰ। দীননাথ মংগেশকাৰৰ ৪২ বছৰ বয়সত মৃত্যু হৈছিল। দীননাথৰ মৃত্যুৰ সময়ত মাত্ৰ ১৩ বছৰীয়া আছিল লতা। লতাই তেওঁৰ মাক শুদ্ধমতী আৰু তেওঁৰ চাৰিজন সৰু ভাই-ভনীৰ ভৰণপোষণৰ দায়িত্ব মূৰ পাতি ল’বলগীয়া লৈছিল। অভাৱ দূৰ কৰিবলৈ লতাই ১৯৪০ ৰ মাজভাগত মাৰাঠী আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰিবলৈ লোৱাৰ লগতে আৰু গানো গাইছিল ।মুম্বাইলৈ অহাৰ পাছত ১৯৪৮ চনত প্ৰথম বাৰ ব হিন্দী ছবি ‘মজবুৰ’ত লতাই গান গাইছিল। ৫ বছৰ বয়সতে দেউতাকৰ লগত লতাজীয়ে শিশু অভিনেত্ৰীৰূপে মঞ্চত অভিনয় কৰিছিল। সকলো প্ৰতিকূলতাক নেওঁচি লতা মংগেশকাৰে ৮টা দশকজুৰি ৪০ টাতকৈ অধিক ভাষাত গীত গাই সংগীতৰ জগতখনত নিজৰ বাবে এক সুকীয়া স্থান উলিয়াই ল’বলৈ সক্ষম হৈছে। লতা মংগেশকাৰৰ প্ৰথম নাম আছিল হেমা ।

পাঁচ বছৰৰ বয়সত তেওঁৰ নাম সলনি কৰি ৰখা হয় লতা । ১৯৪২ চনত লতাই প্ৰথম অভিনয় কৰা ছবিখনৰ নাম আছিল ‘পাহিলী মঙ্গাগৌৰ’।সেই বছৰতে তেও মাৰাঠী ছবি ‘কিতী হচাল’ত প্ৰথম গীত গাইছিল। দেওবাৰে আবেলি মুম্বাইৰ শিৱাজী পাৰ্কত অসংখ্য গুণমুগ্ধৰ উপস্থিতিত লতা মংগেশকাৰৰ অন্তিম সংস্কাৰ কৰা হয়। তেওঁৰ অন্তিম সংস্কাৰৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেকে ধৰি বহু প্ৰসিদ্ধ ৰাজনীতিক ব্যক্তিয়ে শিৱাজী পাৰ্কলৈ গৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কোকিলকণ্ঠীৰ মৃতদেহ এখন ৰাষ্ট্ৰীয় পতাকাৰে ঢাকি সৎকাৰস্থলীলৈ নিয়া হয়। ইপিনে লতা মংগেশকাৰৰ মৃত্যুত কেন্দ্ৰীয় চৰকাৰে দুদিনীয়া শোক দিৱস ঘোষণা কৰিছে। কাইলৈ আৰু পৰহিলৈ ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰাখি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাব চৰকাৰ আৰু দেশবাসীয়ে। মহাৰাষ্ট্ৰৰ চৰকাৰেও লতা মংগেশকাৰৰ মৃত্যু দুদিনীয়া শোক ঘোষণা কৰিছে।

Related Articles