ছমৰীয়াত শিলা বৃষ্টিৰ ক্ষয়-ক্ষতিৰ বুজ ললে বিধায়িকা নন্দিতা দাসে

কামৰূপ জিলা বকো সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইৰ লগতে ছমৰীয়া সত্ৰ অঞ্চলত যোৱা ৫ ফেব্ৰুৱাৰীৰ বিয়লি প্ৰৱল শিলা বৃষ্টিয়ে কৰা ক্ষয়-ক্ষতিৰ  আজি ঘৰে ঘৰে গৈ বুজ ললে সমষ্টিৰ বিধায়িকা নন্দিতা দাসে ৷ উল্লেখ্য, উক্ত শিলা বৃষ্টিয়ে ছমৰীয়া সত্ৰ এলেকাৰ কৃষকৰ কৃষি পথাৰকে ধৰি সৰ্বসাধাৰণ ৰাইজৰ ঘৰ- দূৱাৰৰ বিস্তৰ ক্ষতি সাধন কৰে । শিলা বৃষ্টিৰ প্ৰকোপ ইমানেই বেচি আছিল যে সমষ্টিখনৰ ছমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ছমৰীয়া,কাহিবাৰী, হাউলীটাৰী, শালমাৰা, পুঠিমাৰী, আলোকজাৰি আদি গাঁৱৰ প্ৰতিটো পৰিয়ালৰ ঘৰ -দুৱাৰৰ বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে চালনি ফুটাদি ফুটা কৰি থৈ যায় ঘৰৰ চালিৰ টিন ৷

বিশেষকৈ কৃষকৰ ৰাজহাড় ভাঙি পেলোৱা এই শিলাবৃষ্টিয়ে পথাৰৰ সঁৰিয়হ, ডেমচি, শাক- পাচলি আদি সম্পূৰ্ণ মাটিৰ লগত মিলাই থৈ যায় ৷ এনে পৰিস্থিতিত আজি বিধায়িকা গৰাকীয়ে ছমৰীয়া সত্ৰৰ প্ৰায় প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ ঘৰলৈ গৈ ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে এই দূৰ্যোগৰ বলি হোৱা দৰিদ্ৰৰ দুখৰ সমভাগী হয় আৰু সান্তনা দিয়ে ৷ ইয়াৰোপৰি চৰকাৰী সাহাৰ্যৰ বাবে পৰিয়ালসমূহে গ্ৰহন কৰিবলগীয়া পদক্ষেপ সম্পৰ্কতো  ক্ষতিগ্ৰস্থ ৰাইজৰ সৈতে মত বিনিময় কৰে ৷ বিধায়ক গৰাকীয়ে এই পৰিদৰ্শন কালত ৰাইজৰ এই দূৰ্যোগৰ সময়তো প্ৰশাসনে কোনো খা-খৱৰ নোলোৱা কাৰ্যতো ক্ষোভ প্ৰকাশ কৰে ৷ বিধ্বস্থ চিনৰ চালিৰ তলতে একাংশ ৰাইজে উজাগৰী নিশা পাৰ কৰিব লগা হোৱা পৰিস্থিতিৰ বাবে বিধায়িকা গৰাকীয়ে দুখ প্ৰকাশ কৰি ক্ষতিগ্ৰস্থ এই পৰিয়ালসমূহক শীঘ্ৰে উপযুক্ত ক্ষতি পূৰণ আদায় দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে ৷

Related Articles