নগৰবেৰাৰ বদলা ৰাঙ্গাপানী বজাৰত বন বিভাগৰ অভিযান

কামৰূপৰ নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বদলা ৰাঙ্গাপানী বজাৰত আকস্মিকভাৱে বন বিভাগে এক অভিযান চলাই। ডি এফ অ ডিম্পী বৰাৰ নিৰ্দেশত বামুণীগাঁও বন সুৰক্ষা কাৰ্যালয়ৰ দল এটাই বুধবাৰে সন্ধিয়া বদলা ৰাঙ্গাপানী বজাৰত উপস্থিত হৈ বজাৰখনত অনুজ্ঞাপত্ৰ থকা জাহিদুল টিম্বাৰ ছপ কাঠ মিলটোৰ নথি পত্ৰ লগতে হাতে হাতে ফিতা লৈ জোখ-মাপ কৰি কাঠফলা মিলটোৰ বিভিন্ন সামগ্ৰী নিৰীক্ষণ কৰে অভিযানকাৰী দলটিয়ে।

নিৰীক্ষণৰ অন্তত সকলো ঠিকেই আছে বুলি কয়, কাঠফলা মিলটোৰ দহ ইঞ্চি কাঠ ফলাৰ অনুমতি থকা বুলি জানিবলৈ দিয়ে অভিযানকাৰী দলক নেতৃত্ব দিয়া বন বিষয়া গৰাকীয়ে। বামুণীগাঁও বন সুৰক্ষা কাৰ্যালয়ৰ দুগৰাকীকৈ বন বিষয়া ক্ৰমে উপেন দাস আৰু নুৰুল হাছান শইকীয়াৰ নেতৃত্বত চলে এই অভিযান। কাঠফলা মিলটোৰ বৈধ অনুজ্ঞা পত্ৰ থকাৰ বাবে উভতি যাবলগা হয় বন বিভাগৰ দলটি।

Related Articles