আলিয়াৰ পঞ্চপ্ৰেমে আউল লগাব নেকি নিজৰেই বিয়াত?

বলীউডৰ পৰা আহিছে বিয়াৰ বতৰা। ৰৈ ৰৈ হেনো আমনি লাগিছে আলিয়াৰ! ইফালে, আলিয়াৰ ঠেহ ভাঙোতে ভাঙোতে ভাগৰি পৰিছে ৰণবীৰো। সেয়ে প্ৰেমৰ ভাকুটকুটৰ পৰিৱৰ্তে এইবাৰ ঘৰলৈ লখিমী আদৰিবলৈ সাজু ৰণবীৰ। আশ্চৰ্যকৰ যেন লাগিলেও এইবাৰ এপ্ৰিলত ৰণবীৰ-আলিয়াৰ বিয়া। বলীউড এৰিনাত এই খবৰ বিয়পি পৰাৰ লগে লগে অনুৰাগীৰ মাজত আনন্দৰ ৰোল উঠা দেখা গৈছে।

বিয়াৰ আনুষ্ঠানিকতা মুম্বাইতে আয়োজন কৰাৰ কথা আছিল কিন্তু এতিয়া অলপ বেলেগকৈ ভাবিছে দুই তাৰকাই। মুম্বাইৰ পৰিৱৰ্তে ৰাজস্থানৰ ‘ৰণথম্বোৰ’ত অনুষ্ঠিত হ’ব বিয়াৰ আনুষ্ঠানিক কাৰ্যসূচী। দুই তাৰকাৰ মাজত বহু প্ৰত্যাশিত বিয়াখনৰ দিন চমু চাপি অহাৰ লগে লগে আলিয়াৰ পঞ্চপ্ৰেমৰ কাহিনী এতিয়া চৰ্চাৰ অভিকেন্দ্ৰ হৈ পৰিছে। প্ৰেমৰ দিন চলি থকাৰ সময়তে আলিয়াৰ পঞ্চপ্ৰেম কাহিনীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

আলিয়াৰ প্ৰথম প্ৰেমিক আছিল ৰমেশ ডুবে। তেওঁলোক দুয়োজনে ‘জাম্নাবাই নাৰ্ছিং স্কুল’ত পঢ়িছিল। সামাজিক মাধ্যমত ৰমেশৰ উপস্থিতি সেৰেঙা। দুয়ো একেলগে অধ্যয়ন কৰাৰ সময়তে গঢ় লৈ উঠিছিল প্ৰেমৰ সম্পৰ্ক। কিন্তু সেই প্ৰেমে বিদ্যালয়ৰ চাৰিবেৰৰ সীমা অতিক্ৰম কৰিব পৰা নাছিল।বলীউডত খোজ দিয়াৰ পূৰ্বে আলিয়াই আলী দাদোৰকাৰৰ প্ৰেমত পৰিছিল। দুয়ো বহুদিন ধৰি একেলগে আছিল। সামাজিক অনুষ্ঠান পৰ্বতো বহুসময়ত একেলগে দেখা পোৱা গৈছিল দুয়োকে। বলীউডত খোজ দিয়াৰ পাছতে আলিয়াই দ্বিতীয় প্ৰেমকিৰ সৈতেও ইতিৰেখা টানিলে।

কৰণ জোহৰ পৰিচালিত ‘ষ্টুডেণ্ট অব দা ইয়েৰ’ত প্ৰথমবাৰ অভিনয় কৰাৰ পাছত আলিয়াই এগৰাকী চেলিব্ৰিটীৰ প্ৰেমত পৰিছিল। সেই বিখ্যাত চেলিব্ৰিটীজন আন কোনো নাছিল। তেতিয়াৰ বলীউডৰ নতুন মুখ সিদ্ধাৰ্থ মালহোত্ৰাই হৈ পৰিছিল আলিয়াৰ বয়ফ্ৰেইণ্ড। আলিয়াৰে প্ৰেম হ’লেও এই কথা সকোৰে অগোচৰে ৰাখিবলৈ চেষ্টা কৰি আহিছে সিদ্ধাৰ্থই। তেওঁ কয়, ‘মই আলিয়াক প্ৰথমখন ছবিত অভিনয় কৰাৰ পৰাই চিনি পাওঁ। গতিকে আমাৰ এটা আৱেগিক সম্পৰ্ক আছে। তাতকৈ বেছি একো নহয়। আমি ভাল বন্ধু।’ অৱশ্যে, জেকলিন ফাৰ্ণাণ্ডেজৰ সৈতে বৃদ্ধি পোৱা ঘনিষ্ঠতাৰ বাবে আলিয়া আলিয়া-সিদ্ধাৰ্থৰ মাজৰ দূৰত্ব বাঢ়ি গৈছিল বুলিও শুনিবলৈ পোৱা যায়।

ইয়াৰ পাছত, হঠাতে বলীউড এৰিনাত বৰুণ ধাৱানৰে আলিয়াৰ প্ৰেমৰ সম্পৰ্ক থকাৰ বাতৰি বিয়পি পৰিছিল। মহেশ কন্যাৰ সৈতে ‘ষ্টুডেণ্ট অব দ্য ইয়েৰ’ ছবিখনৰ জৰিয়তে বলীউডৰ যাত্ৰা আৰম্ভ কৰিছিল বৰুণে। কিন্তু যেতিয়া বৰুণৰ প্ৰেমিকা তথা পত্নী নাতাশা দালালৰ কথা মুকলিকৈ আলোচনা হৈছিল তেতিয়া এই গুজৱৰো অন্ত পৰে।

এইবাৰ বিনোদনৰ জগতত নহয়। বিখ্যাত ব্যৱসায়ী সুনীল মিত্তালৰ পুত্ৰ কবিনৰ সৈতে আলিয়াৰ প্ৰেমকথাই বিশেষ কৌতুহলৰ সৃষ্টি কৰা দেখা গৈছিল। এটা ব্যৱসায়িক অনুষ্ঠানত সাক্ষাৎ হৈছিল দুয়োৰে। সেয়া যি‌ কি নহওক, আলিয়াই আৰু অতীতৰ হেৰুৱা দিনবোৰলৈ লহৰি যাব বিচৰা নাই। ৰণবীৰকে জীৱনৰ প্ৰতিটো খোজত পাবলৈ মন আলিয়াৰ।

Related Articles