কেন্দ্ৰীয় ৰেচম বৰ্ডৰ উদ্যোগত স্বচ্ছ গাওঁ হালধাত ৰেচম প্ৰশিক্ষণ কৰ্মশালা

কৃষি বিশ্ববিদ্যালয় আৰু খানাপাৰা কেন্দ্ৰীয় ৰেচম বৰ্ডৰ উদ্যোগত আৰু হালধা স্বচ্ছ আৰু আদৰ্শ গাঁও নিৰ্মাণ অভিযানৰ সহযোগত আজি হালধাত এটি এদিনীয়া ৰেছম প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হৈ যায়। কৰ্মশালাখন উদ্বোধন কৰে ছিপাঝাৰ বিদ্যুৎ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা চিব্বিক আহমেদে। হালধা বৰনদী প্ৰগতি সংঘৰ সভাগৃহত আৰম্ভ হোৱা সভাত উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি কিদৰে মুগা, এৰি আৰু পাটসুতা কাটিব পাৰি ইয়াৰ প্ৰশিক্ষণ দিয়া হয়। বৃক্ষ ৰোপণৰে আৰম্ভণি কৰা খানাপাৰা কেন্দ্ৰীয় ৰেছম বোৰ্ডৰ মুৰব্বী তথা জ্যেষ্ঠ বিজ্ঞানী ড: জয়ন্ত ঘোসে ৰেছম বোৰ্ডৰ কাৰ্যাৱলী সম্পৰ্কে আলোকপাত কৰে। স্থানীয় শিক্ষক তথা বিজ্ঞান কৰ্মী হিৰণ্য কুমাৰ নাথে আঁত ধৰা সভাখনত প্ৰতিনিধি সকলৰ সৈতে  অন্তৰংগ আলাপত ভাগ লৈ জ্যেষ্ঠ বিজ্ঞানী জনে উপস্থিত অংশগ্ৰহণকাৰী সকলৰ সৈতে মত বিনিময় কৰি পলুপালিকা সকলক উদ্বুদ্ধ কৰে।

লগতে তেওঁ কেন্দ্ৰীয় ৰেছম বোৰ্ডৰ কাৰ্যাৱলী সম্পৰ্কে সভাক অবগত কৰে। আৰম্ভণিতে আদৰণি ভাষণ আগবঢ়ায় স্বচ্ছ আৰু আদৰ্শ গাওঁ নিৰ্মাণ অভিযানৰ সৰ্বাধিনায়ক ভাস্কৰ জ্যোতি নাথে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে চি এছ বি , খানাপাৰাৰ সমন্বয়ক মুনীন্দ্ৰ দাসে। মুগা, এৰি, পাট পলু কটাৰ ব্যবহাৰিকতা সম্পৰ্কে কাৰিকৰী বিশেষজ্ঞা দিপালী ৰাভাই। মেছিন কিদৰে সহজ লভ্য ভাৱে পাব পাৰি সেই বিষয়ে বিস্তৃত ভাৱে বিবৰি কয় আন এগৰাকী বিভাগৰ বিষয়া তথা বৈজ্ঞানিক ড: ৰাজীৱ মুঞ্চীয়ে । দিপালী ৰাভাৰ সহযোগত প্ৰশিক্ষণ স্থলীতে ব্যৱহাৰিকভাৱে মেচিন ব্যৱহাৰৰ প্ৰশিক্ষণ প্ৰদান কৰে। সভাত গাওঁ প্ৰধান ৰমেশ চৌধুৰী , স্থানীয় সংঘৰ সভাপতি মদন চন্দ্ৰ নাথ প্ৰমুখ্যে কেইবা গৰাকী লোক উপস্থিত আছিল। সামৰণিত শলাগৰ শৰাই আগঢ়াই স্থানীয় অভিজ্ঞ পলু পালক ৰেৱন চৌধুৰীয়ে।

Related Articles