জয়ন্তীপুৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ দুৰৱস্থা

“আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল”এই আপ্ত বাক্যশাৰী যেন প্ৰতিফলিত হৈছে জয়ন্তীপুৰ ৰাজ্যিক পশু চিকিৎসালয় খনৰ ক্ষেত্ৰত । বুঢ়া পঞ্চায়তৰ  জয়ন্তীপুৰত ১৯৯৮ চনতে স্থাপন কৰা  ৰাজ্যিক পশু চিকিৎসালয় খনত নাই পশু চিকিৎসক, নাই কোনো সা-সুবিধা, নাই কোনো পৰিবেশ।আনকি ফলকতে আৱদ্ধ এই খন ৰাজ্যিক চিকিৎসালয় হিচাপে ।কামকাজ কিন্তু পশু চিকিৎসা উপ কেন্দ্ৰ হিচাপে চলি আছে প্ৰতিষ্ঠাৰ পৰা ।  নতুনকৈ চিকিৎসালয় এটা  ভৱনটো নিৰ্মাণ কৰিছে কিন্তু সন্মুখত থকা পুৰণি জৰাজীৰ্ণ ঘৰতোৰে সৈতে এক শ্মশান সদৃশ পৰিবেশে বিৰাজ কৰি আছে চিকিৎসালয় খনৰ চৌহদত ।

তাৰোপৰি এজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী আৰু এজন ভি পি এফৰ দ্বাৰা পৰিচালিত হৈ আছে এই চিকিৎসালয় খন। নিয়োজিত কৰ্মচাৰীৰ অনিয়মীয়া উপস্থিতিৰ বাবে চিকিৎসালয় খনলৈ অহা  পশু পালক সকলে উপদেশ লবলৈ আহে যদিও ঘৰলৈ উভতি যাবলগীয়াত  পৰে। ইপিনে চিকিৎসালয় খনত উন্নত গো প্ৰজনন ৰ ক্ষেত্ৰত এই অঞ্চলৰ ৰাইজ বঞ্চিত হব লগাত পৰিছে উপযুক্ত পৰিৱেশ নথকাত। প্ৰকৃতাৰ্থত গৰু, ছাগলী,হাহ, কুকুৰা, গাহৰি আদিৰ উপাৰ্জনৰ ওপৰতে নিৰ্ভৰশীল এই অঞ্চলৰ কৃষক ৰাইজে উপকৃত হ’ব পৰাকৈ কোনো সা-সুবিধা নথকাত বিমোৰত পৰিছে। স্হানীয় ৰাইজে শীঘ্ৰে জয়ন্তীপুৰ ৰাজ্যিক পশু চিকিৎসালয় খনত আন্তঃগাথঁনি সুদৃঢ় কৰি পশু চিকিৎসক নিযুক্তিৰ দাবী জনাইছে ।

Related Articles