বিহালীৰ অনিল কুৰ্মীৰ হত্যাকাৰীক কৰায়ত্বৰ দাবীত প্ৰতিবাদী সভা

বিহালীৰ জিনজিয়া আৰক্ষী থানাৰ  অন্তৰ্গত ৰতোৱাৰ অনিল কুৰ্মী নামৰ শ্ৰমিক জনৰ মৃত্যুক লৈ আজিও উত্তেজনা অব্যাহত আছে। ৪ ফেব্ৰুৱাৰী তাৰিখে প্ৰথম খন ৰাজহুৱা সভা অনুষ্ঠিত হোৱাৰ পিছত আজি এই সন্দৰ্ভত দ্বিতীয় খন ৰাজহুৱা সভা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে,৪ ফেব্ৰুৱাৰীত হোৱা সভাৰ সিদ্ধান্ত মৰ্মে আজি হত্যাকাৰী কৰায়ত্বৰ দাবীত থানা ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা আছিল। ইতিমধ্যে আৰক্ষীয়ে কিছু পৰিমাণে তৎপৰতা প্ৰদৰ্শন কৰি সন্দেহত দুজন লোকক আটক কৰাত উক্ত ঘেৰাও কাৰ্যসূচী স্থগিত ৰখা বুলি জানিব পৰা গৈছে। তাৰোপৰি হত্যাকাৰীক সোনকালেই ধৰিব বুলি জিনজিয়া আৰক্ষীয়ে সংগঠনৰ নেতৃত্বকাৰীক প্ৰতিশ্ৰুতি দিয়াত এই ধৰ্না কাৰ্যসূচী বাতিল কৰা বুলি অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ বিশ্বনাথ চাৰ্কোল সমিতিৰ সভাপতি নৰোত্তম চুণ্ডীয়ে জানিবলৈ দিয়ে।

আনহাতে, আজি অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে কৃষক মহাসভাৰ বিহালীৰ নেতা লক্ষ্মীকান্ত কুৰ্মীয়ে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নৰোত্তম চুণ্ডীয়ে। সভাত আটছা নেতা আকাশ কিচান, আদিবাসী ছাত্ৰ সন্থাৰ নেতা অজিৎ কুৰ্মী,কাছাৰ নেতা জ্যোতিপ্ৰকাশ বৰা,চিপিআই(এম-এল)ৰ অনন্ত হাজৰিকাৰ লগতে স্থানীয় গোলোক কুৰ্মী, প্ৰেম তেলী,দ্বীজেন কুৰ্মী, সমাজ সেৱিকা ৰেজিয়া খান লস্কৰ আদিয়ে বক্তব্য প্ৰদান কৰে। উল্লেখযোগ্য যে,ৰতোৱাৰ নিৰ্মাণৰত ক্ষুদ্ৰ চাহ উদ্যোগটোত নৈশ চকীদাৰ হিচাপে কৰ্মৰত আছিল অনিল কুৰ্মী নামৰ লোকজন। বিগত ২৪ ডিচেম্বৰৰ নিশা কৰ্মৰত অৱস্থাতে তেওঁৰ হত্যাকাণ্ড সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন উঠি আছে ।

Related Articles