সোণতলীত ৯ টাকৈ চোৰাং গৰু জব্দ, চালক-সৰবৰাহকাৰীক জে’ললৈ প্ৰেৰণ

দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলী আৰক্ষীয়ে পুৰাণগাঁৱত অভিযান চলাই বাহনসহ ৯টা চোৰাং গৰুৰ লগতে চালক-সৰবৰাহকাৰীক আটক কৰে৷ প্ৰাপ্ত তথ্য অনুসৰি সোণতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ননীগোপাল সৰকাৰৰ নেতৃত্বত আৰক্ষীৰ দল এটাই পুৱতি নিশা প্ৰায় তিনি বজাত শেলেসুঁতি নামৰ ঠাইত অভিযান চলাই এ এছ-২৫চিচি-৬০২৮ নম্বৰৰ বাহনসহ ৯ টা চোৰাং গৰু জব্দ কৰাৰ লগতে চালক-সৰবৰাহকাৰীক আটক কৰে৷

ধৃত গাড়ী চালকজন সোণতলীৰ শেলেসুঁতিৰ সদৰ আলীৰ পুত্ৰ নৈমুদ্দিন (৩৩) আৰু সৰবৰাহকাৰীজন চেঙা সমষ্টিৰ পূৱ ম’হচৰাৰ জিলাৰ ৰহমানৰ পুত্ৰ ৰাশ্বিদুল ইছলাম (১৯) বুলি চিনাক্ত কৰা হৈছে৷ ধৃত নৈমুদ্দিন আৰু ৰশ্বিদুল ইছলামক সোণতলী আৰক্ষীয়ে জে’ল-হাজোতলৈ প্ৰেৰণ কৰিছে৷

Related Articles