বাজাজ গ্ৰুপৰ প্ৰতিষ্ঠাপক ৰাহুল বাজাজৰ দেহাৱসান

বাজাজ গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ তথা বাজাজ মটৰ্ছৰ প্ৰতিষ্ঠাপক ৰাহুল বাজাজৰ বিয়োগ। প্ৰখ্যাত উদ্যোগপতি গৰাকী ৮৩ বছৰ বয়সত মৃত্যু হৈছে। কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা উদ্যোগপতিগৰাকীয়ে শনিবাৰে বিয়লি মৃত্যুক সাৱটি লয়।

ৰাহুল বাজাজৰ জন্ম ১৯৩৮ চনৰ ১০ জুনত কলকাতাত এটা মাৰোৱাৰী ব্যৱসায়ী পৰিয়ালত হৈছিল। তেওঁ দীৰ্ঘদিন ধৰি বাজাজ গ্ৰুপৰ দায়িত্ব বহন কৰিছিল। ১৯৬৫ চনৰ পৰা সুদীৰ্ঘ ৫০ বছৰ ধৰি তেওঁ বাজাজ গোটৰ অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰি আছিল।২০০১ চনত, এইগৰাকী উদ্যোগপতিক পদ্মভূষণ বঁটা প্ৰদান কৰা হৈছিল। স্বাধীনতা সংগ্ৰামী জামনালাল বাজাজৰ নাতি আছিল এইগৰাকী ৰাহুল বাজাজ। দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজত শিক্ষা গ্ৰহণ কৰাৰ পিছতে তেওঁ আইনৰ ডিগ্ৰী ল’বলৈ দিল্লীৰ পৰা মুম্বাইলৈ আহিছিল। তেওঁৰ নেতৃত্বতে বাজাজ অটোৰ টাৰ্ণঅ’ভাৰ ৭.২ কোটি টকাৰ পৰা ১২ হাজাৰ কোটি টকালৈ বৃদ্ধি হয় আৰু দেশৰ আগশাৰীৰ স্কুটাৰ আৰু দুচকীয়া বাহন বিক্ৰেতা হিচাপে বাজাজ গ্ৰুপক প্ৰতিষ্ঠা কৰি তোলে।

প্ৰখ্যাত উদ্যোগপতি ৰাহুল বাজাজৰ মৃত্যু সন্দৰ্ভত কংগ্ৰেছ নেতা অভিষেক সিংভিয়ে কয়, “মই তেওঁক কেইবা দশক ধৰি চিনি পাইছিলো। তেওঁ আমাৰ পাৰিবাৰিক বন্ধু আছিল। তেওঁ আৰু মই ৰাজ্যসভাতো বহুমুহূৰ্ত অতিবাহিত কৰিছো। ইয়াৰ উপৰিও, অধিৱেশনৰ সময়ত আৰু কেন্দ্ৰীয় হলতো আলোচনা অনুষ্ঠিত হৈছিল। মই কেইমাহ মান আগতে তেওঁৰ সৈতে ৩০ মিনিটৰ বাবে বাৰ্তালাপ কৰিছিলো।

Related Articles