দৰিকা নগৰ খেলপথাৰত ফুটবল আৰু এথলেটিকছ প্ৰশিক্ষণৰ সামৰণি

নাজিৰা মহকুমাৰ পানীবিল দৰিকা নগৰ খেলপথাৰত এমাহ জোৰা ফুটবল আৰু এথলেটিকছ প্ৰশিক্ষণ শিবিৰৰ কালি সামৰণি পৰে৷ আঞ্চলিক ক্ৰীড়া সন্হা পানীবিলৰ উদ্যোগত প্ৰায় ৮০ গৰাকী লৰা-ছোৱালী আৰু নাজিৰা এথলেটিকছ সন্হাৰ প্ৰায় ৫০ গৰাকী ছাত্ৰছাত্ৰীক অনিৰূদ্ধ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ দুগৰাকী প্ৰশিক্ষকে এমাহজুৰি প্ৰশিক্ষণ আগবঢ়াই৷

আজি দৰিকা নগৰ খেলপথাৰত দুয়োজন প্ৰশিক্ষকক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে ডা° প্ৰদুত কোৱৰৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় আৰু ইয়াত নাজিৰা জিলা ক্ৰীড়া সন্হাৰ সম্পাদক গোপাল গগৈ প্ৰমুখ্যে কেইবাজনো বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে ৷

Related Articles