মাজুলীত কবি ইন্দুলেখা হাজৰিকাৰ তিনিখন গ্ৰন্থ উন্মোচন

মাজুলী সাহিত্য চৰ্চা ক্ষেত্ৰ খনৰ এক চিনাকী নাম ইন্দুলেখা হাজৰিকাৰ তিনিখন গ্ৰন্থ মাজুলী জিলা সাংবাদিক সন্থাৰ কাৰ্য্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যময় অনুষ্ঠানত উন্মোচন কৰা হয়। মাজুলীৰ জনপ্ৰিয় যুৱ কবি তথা মাজুলী জিলা কবি সন্মিলনৰ সম্পাদক পাপু বৰাই আঁত ধৰা, মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট কবি সাহিত্যিক ডঃ দেৱজিত শইকীয়াই সঞ্চালনা কৰা আৰু অৱসৰপ্ৰাপ্ত অধ্যাপক সুৰেন্দ্ৰনাথ মুদৈয়ে উদ্বোধনী ভাষণ প্ৰদান কৰা উন্মোচনী সভা খনিত লেখিকা গৰাকীৰ অনুগল্পৰ পুথি “শব্দৰ অনুৰণন” শীৰ্ষক গ্ৰন্থ খনি উন্মোচন কৰে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট কবি ডঃ মাণিক শইকীয়াই।

নিজৰ উন্মোচনী ভাষণত ডঃ শইকীয়াই সাহিত্যৰ ব্যৱহাৰিক দিশ, সাহিত্যৰ পৰিৱৰ্তনৰ গতিধাৰা সম্পৰ্কত লিখক আৰু পাঠক সমাজলৈ বিভিন্ন পৰামৰ্শ আগবঢ়ায়। লেখিকা গৰাকীৰ অন্য এখন গ্ৰন্থ “কুহুমবুলিয়া সোঁৱৰণ খিনি” শীৰ্ষক কবিতা পুথি খনিৰ দ্বিতীয় সংস্কৰণটি উন্মোচন কৰে অসম সাহিত্য সভাৰ আগন্তুক নাৰায়ণপুৰ অধিবেশন উদযাপন সমিতিৰ সম্পাদক মাখন তামুলীয়ে আৰু তৃতীয় খন গ্ৰন্থ “নৈশব্দৰ সুৰভিত নিৰ্যাস” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰঞ্জিত ভূঞাই। নিজৰ উন্মোচনী বক্তব্যত আটাইকেইজন উন্মোচকে লেখিকা গৰাকীক শুভেচ্ছা জনোৱাৰ লগতে আগন্তুক দিনতো কলমৰ মাধ্যমেৰে সৃষ্টিৰ আখৰা কৰি যাবলৈ আহ্বান জনায়। শতাধিক সাহিত্য অনুৰাগী ব্যক্তিয়ে অংশগ্ৰহণ কৰি উপস্থিত সকলোৱে লেখিকা গৰাকীক শুভেচ্ছা জনায়।অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই মাজুলী জিলা কবি সন্মিলনৰ সম্পাদক তথা জনপ্ৰিয় কবি পাপু বৰাই l

Related Articles