ভাতৃৰ বাবে জীৱন দিব পাৰিব প্ৰিয়ংকা গান্ধীয়ে

”মই মোৰ ভাতৃৰ বাবে জীৱন দিব পাৰিম আৰু সিও মোৰ বাবে জীৱন দিব পাৰিব”-  ৰবিবাৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে এই মন্তব্য কৰে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কৈছিল যে প্ৰিয়ংকা গান্ধী আৰু  ৰাহুল গান্ধীৰ মাজৰ সম্পৰ্কত ফাঁট মেলিছে, এই মন্তব্যৰ উত্তৰতে গান্ধীয়ে এনেদৰে কয়। নেত্ৰী গৰাকীয়ে কয় যে ”যোগী আদিত্যনাথৰ মনত বিবাদ আৰু সংঘাত আছে। এনে লাগে যে বিজেপিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ মাজত হোৱা বিভেদৰ বাবে এনে কথা কৈছে”।

উল্লেখ্য যে, উত্তৰ প্ৰদেশত বৰ্তমান চলি আছে নিৰ্বাচনী প্ৰচাৰ। ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত হৈছে। কংগ্ৰেছৰ হৈ উত্তৰ প্ৰদেশত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই আহিছে। প্ৰিয়ংকা গান্ধীয়ে ” মই নাৰী,যুঁজ কৰিব পাৰো” আদি শ্লোগানেৰে নিৰ্বাচনী প্ৰচাৰ চলাই নেত্ৰী গৰাকীয়ে বিজেপি আৰু সমাজবাদী পাৰ্টী প্ৰত্যাহ্বান জনাইছো।

Related Articles