জন্মু কাশ্মীৰত ভাৰতৰ প্ৰথমখন ইগলু কেফে

কৰ’ণা মহামাৰীৰ ফলত সবাতোকৈ বেছি ক্ষতিগ্রস্ত হোৱা ক্ষেত্রখন হৈছে ভাৰতৰ প’যটনশিল্প ।শেহতীয়াকৈ কৰ’ণাৰ প্ৰকোপ কমিল সেয়েহে প’যটনকেন্দ্ৰসমূহ ঠন ধৰিবলৈ যত্ন কৰিছে ।তেনে এক প্ৰচেষ্টাৰ ফলস্বৰূপে ভাৰতৰ জন্মু কাশ্মীৰত আৰম্ভ হোৱা বৰফেৰে নি’মিত ইগলু কেফেই সদ্যহতে জনপ্ৰিয়তা লাভ কৰিছে ।তেনে এখন বিখ্যাত ইগলু কেফেই হ’ল জম্মু কাশ্মীৰৰ গুলমা’গৰ ইগলু কেফে ।এই কেফেইখন নি’মাণ কৰিছে ‘কোলাহই গ্ৰীণ গ্ৰুপ অফ হোটেলছ এণ্ড ৰিজট’ছে ।

শুকুলা বৰফৰ টূকূৰাৰে নি’মাণ কৰা এই এছিয়াৰ বৃহত্তম ইগলু কেফেইখনৰ ভিতৰত একুৰা জুই জ্বলাই ৰখা হয় আৰু হাতে হাত ৰঙা চাহৰ পিয়লা লৈ বিভিন্ন গ্ৰাহকৰ আড্ডা ।গ্ৰাহকৰ বাবে ৰখা চকী,টেবুল সকলো বৰফৰ ।বিদেশত বিশেষকৈ ছুইজাৰলেণ্ডত বহু পূ’বেই ইগলু কেফেই ব্যৱহাৰ কৰা হৈ আহিছে কিন্তু ভাৰতত এইবাৰেই প্ৰথম ।মুঠ ১৬ জন বহিবলৈ সুবিধা থকা ইগলু কেফেইখনৰ উচ্চতা ১৫ ফুট আৰু ২৬ ফুট বহল ।ইগলু কেফেইখনৰ জনপ্ৰিয়তাৰ অন্যতম কাৰণ হ’ল ইয়াৰ ভিতৰত থাকিলে হাঁড় কপোৱা ঠাণ্ডা বতাহৰ পৰা নিজকে ৰক্ষা কৰিব পাৰি,সেয়েহে ইয়ালৈ প্ৰতিদিনেই গ্ৰাহকৰ ভীৰ বাঢ়িবলৈ লৈছে ব’তমান ।

Related Articles