বঙাইগাঁৱত ভঙা বাহঁৰ দলঙেৰে ছাত্ৰ ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বালাৰচৰত ভঙা বাহঁৰ দলঙৰে ছাত্ৰ ছাত্ৰীৰ বিপদসংকুল যাতায়তৰ দৃশ্য বন্দী হৈছে কেমেৰাত। প্ৰায় ৬/৭ বছৰ পূৰ্বে মানাহ নৈৰ সুতিৰ ওপৰত  ২৬ লাখ টকা ব্যয় সাপেক্ষে এখন পকী দলং নিৰ্মাণ হৈছিল যদিওঁ দলঙখন বিজ্ঞানসন্মত পদ্ধতিৰে নিৰ্মাণ নোহোৱাত নিৰ্মাণৰ কিছুদিন পিছতেই পানীৰ সোঁতে বগৰাই পেলায়। তাৰ পিছৰ পৰাই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ লগতেই প্ৰায় ৪/৫ খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে বিপদসংকুল ভাবে যাতায়ত অব্যাহত ৰাখিছে ।

ঠাইখনত পুনৰ বিজ্ঞানসন্মত পদ্ধতিৰে দলং নিৰ্মাণ কৰাৰ বাবে ৰাইজে জনপ্ৰতিনিধি তথা চৰকাৰক দাবী জনাই আহিছে যদিও আজিলৈকে নিৰ্মাণ হোৱা নাই। ফলত স্থানীয় ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰী সকলে এইদৰে বিপদসংকুল যাতায়ত অব্যাহত ৰাখিছে।যিকোনো মুহুৰ্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। শীঘ্ৰেই ঠাইখনত বিজ্ঞানসন্মত পদ্ধতিৰে এখন দলং নিৰ্মাণ কৰিবলৈ ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে দাবী জনাইছে।

Related Articles