কিমান সঁচা, কিমান মিচা? আছাদুদ্দিন ওৱেচী ৰামৰ বংশধৰ!

”আছাদুদ্দিন ওৱেচী ৰামৰ বংশধৰ” এই মন্তব্য এগৰাকী বিজেপি নেতাৰ। উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ইতিমধ্যে ২টা পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত হৈছে আৰু আন কেইটা পৰ্যায়ৰ বাবে প্ৰচাৰ চলি আছে। নিৰ্বাচনী প্ৰচাৰৰ মাজতে উত্তৰ প্ৰদেশৰ বিজেপি সাংসদ ব্ৰজভূষণ চৰন সিঙে সাংসদ আছাউদ্দিন ওৱেচিক কটাক্ষ কৰি বিভিন্ন মন্তব্য কৰে। বিজেপি সাংসদ গৰাকীয়ে কয় যে ”ওৱেচী ভগৱান ৰামৰ বংশধৰ। তেওঁ ইৰাণী নহয়, ক্ষত্ৰিয়হে”। নিজ পুত্ৰ আৰু বিজেপিৰ প্ৰাৰ্থী প্ৰতীক ভূষণ সিঙৰ বাবে আয়োজিত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে সাংসদ গৰাকীয়ে।

তেওঁ কয় যে, ”প্ৰতীকে জয়লাভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওচৰত থিয় হ’ব কিন্তু প্ৰতীকৰ বাহিৰে আন কোনোবা জয়ী হলে তেওঁ সন্ত্ৰাসবাদীৰ সৈতে থিয় হব”। উল্লেখ্য যে, উত্তৰ প্ৰদেশত বৰ্তমান চলি আছে নিৰ্বাচনী গৰম বতাহ। এই সময়চোৱাত বিভিন্ন দলৰ মাজত চলি আছে আক্ৰমণ-প্ৰত্যাক্ৰমণ।

Related Articles