পুনৰ জেললৈ যাব নেকি লালু প্ৰসাদ যাদৱ!

পশুখাদ্য কেলংকাৰী গোচৰৰ অন্তিমটো ৰায় প্ৰদান কৰিলে ন্যায়ালয়ে। এই কেলেংকাৰীৰ ৫ টা গোচৰৰ ৰায়দান ইতিমধ্যে চি বি আইৰ বিশেষ আদালতে প্ৰদান কৰিছে আৰু আটাইকেইটা গোচৰতে প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱক দোষী সাব্যস্ত কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছে। অৱশ্যে তেওঁ ইতিমধ্যে জামিনত কাৰাগাৰৰ পৰা মুকলি হৈছে। ৯৫০ কোটি টকাৰ দেশৰ বহু চৰ্চিত পশুখাদ্য কেলেংকাৰী গোচৰৰ ৰায় মঙলবাৰে প্ৰদান কৰে ন্যায়ালয়ে। চিবিআইৰ এখন বিশেষ আদালতে আৰ জে ডিৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী লালু যাদৱকে ধৰি ৭৫ জন অভিযুক্তক দোষী সাব্যস্ত কৰিছে। একে সময়তে এই গোচৰৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপিত ২৪ জন লোকক নিৰ্দোষী বুলি ঘোষণা কৰিছে চি বি আইৰ বিশেষ আদালতে।

অৱশ্যে মঙ্গলবাৰে চি বি আইৰ এই বিশেষ আদালতে দোষী সাব্যস্ত হোৱা সকলৰ শাস্তি ঘোষণা কৰা নাই। আগন্তুক ২১ ফেব্ৰুৱাৰীত আটাইৰে শাস্তি ঘোষণা কৰিব আদালতে। ইফালে লালু যাদৱ পুনৰ এই গোচৰত দোষী সাব্যস্ত হোৱাৰ ফলত বিহাৰৰ বিভিন্ন প্ৰান্তত থকা তেওঁৰ সমৰ্থকসকলৰ মাজত দেখা দিছে হতাশা। আদালতৰ চৌহদত আৰ জে ডিৰ নেতাসকলে ভিৰ কৰিছে আৰু পৰিস্থিতি যাতে কোনো কাৰণতে অৱনতি নঘটে তাৰ বাবে আৰক্ষীক কঠোৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে, লালু যাদৱক পশুখাদ্য কেলেংকাৰীৰ ৪ টা গোচৰত দোষী সাব্যস্ত কৰা হৈছে। ইয়াৰে এটা দেওঘৰত, দুমকা কোষাগাৰৰ দুটা পৃথক গোচৰ আৰু চাইবাচা কোষাগাৰ সম্পৰ্কীয় দুটা গোচৰ। তেওঁ এই আটাইকেইটা গোচৰত জামিন লাভ কৰিছে। কিন্তু এই অন্তিমটো গোচৰত পুনৰ লালু যাদৱ দোষী সাব্যস্ত হোৱাৰ ফলত তেওঁৰ পুনৰ জেল যাত্ৰাৰ পথ মুকলি হ’ল।

Related Articles