কথাৰ চলেৰে আঙুলি কাটি পেলালে এজন ব্যক্তিৰ!

মিকিৰভেটা আৰক্ষীৰ সফলতা। পলাতক দুই অপৰাধীক গোপন সূত্ৰৰ পম খেদি গ্ৰেপ্তাৰ । খবৰ অনুসৰি মৰিগাওঁ জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত অভিযোগ কৰ্তা বাবুল হক নামৰ ব্যক্তি জনৰ লগত ইছৰাফুল আলম আৰু ইছাহক আলীৰ মাটি বাৰিৰ সংক্ৰান্ততেই কাজিয়াৰ সুত্ৰপাত হয়। কাজিয়াৰ জুই ইমানেই বৃদ্ধি পায় যে অভিযোগ কৰ্তা বাবুল হকৰ হাতৰ কেইবাটাও আঙুলি কাটি পেলায়।

পিছত এই সন্দৰ্ভত মিকিৰভেটা থানাত বাবুল হকে অভিযুক্ত ব্যক্তি দুজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। উক্ত ঘটনাৰ সন্দৰ্ভত Mikirbheta PS 84/21 নম্বৰত গোচৰ ৰুজু কৰি পলাতক দুই অভিযুক্ত ইছৰাফুল ‍আলম আৰু ইছাহক আলীক গ্ৰেপ্তাৰ কৰে। Under section 447/326/307/34 ধাৰাত গোচৰ ৰুজু কৰি বুধবাৰে দুই অপৰাধীক জেল হাজোতলৈ প্ৰেৰণ কৰে ।

Related Articles