অসম আৰক্ষীত বহু কষ্ট আৰু ত্যাগৰ বিনিময়ত শান্তিৰ পৰিৱেশ ঘূৰি আহিছেঃ ভাস্কৰজ্যোতি মহন্ত

অসম আৰক্ষীৰ বহু কষ্ট আৰু ত্যাগৰ বিনিময়ত এতিয়া বিটিআৰ অঞ্চল তথা ৰাজ্যত এক শান্তিৰ বাতাৱৰণ ঘূৰি আহিছে ৷ এই মন্তব্য ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ ৷ আজি “মৈত্ৰী” আঁচনিৰ অধীনত বাক্সা জিলাৰ মুছলপুৰত মুছলপুৰ সদৰ আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধন উপলক্ষে থানাৰ চৌহদত আয়োজিত উদ্বোধনী সভাত ভাষণ প্ৰদান কৰি সঞ্চালক প্ৰধান গৰাকীয়ে কয় যে বিটিআৰ তথা ৰাজ্যখনৰ পৰিৱেশ এতিয়া সুস্থিৰ ৷ পূৰ্বৰ অশান্তজৰ্জৰ তথা উগ্ৰপন্থীজনিত সমস্যা এতিয়া নাইকীয়া হৈ চৌদিশে এক শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে ৷ বিটিআৰত অশান্তিৰ যৱনিকা পৰি উন্নয়নৰ পিনে ধাৱমান হোৱা বুলি উল্লেখ কৰি এই শান্তি যাতে কৃত্ৰিম শান্তিলৈ ৰূপান্তৰিত নহয় তাৰ বাবে প্ৰতিজন লোকে নিজৰ হৃদয়ত শান্তিৰ এক মনোভাৱ ৰাখিব লাগিব বুলি কয় সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷ পুলিচ-মিলিটাৰীয়ে শক্তি প্ৰয়োগ কৰি শান্তি আনিবলৈ যাতে চেষ্টা কৰিব লগীয়া নহয় তাৰ বাবে প্ৰতিজন লোকে নিজকে অন্তৰৰ পৰা সাজু কৰি তুলিব লাগিব ৷

আন্তঃসাম্প্ৰদায়িক সম্পৰ্ক সুদৃঢ় কৰি তুলিবৰ বাবে ইজনে সিজনৰ প্ৰতি সহৃদয়তা দেখুৱাব লাগিব ৷ সমাজৰ ভাল ব্যক্তিসকলক সদায় আৰক্ষীয়ে বন্ধু হিচাপে গণ্য কৰে ৷ কিন্তু সমাজ বিনষ্ট কৰা সকল সদায় আৰক্ষীৰ প্ৰতিপক্ষ বুলিও উল্লেখ কৰে মহন্তই ৷ তেওঁ লগতে কয় যে আৰক্ষীৰ উপস্থিতিত জনসাধাৰণে নিৰাপত্তা অনুভৱ কৰিব লাগিব ৷ জনসাধাৰণৰ জীৱন আৰু সম্পত্তি সুৰক্ষাৰ বাবে আৰক্ষীৰ লোক সকলেও উৎসৰ্গিত মনোভাবেৰে কাম কৰিব লাগিব ৷ অসম আৰক্ষীয়ে আজি নিজৰ কৰ্তব্যনিষ্ঠাৰ জৰিয়তে দেশৰ ভিতৰতে এক অগ্ৰণী আৰক্ষী বাহিনী হিচাপে পৰিচিতি লাভ কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰি মহন্তই কয় যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত বিকাশৰ ফলত আজি অপৰাধৰ পদ্ধতিসমূহ সলনি হৈছে৷ অসম আৰক্ষীয়েও বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অতি তৎপৰতাৰে কাৰ্যব্যৱস্থা গ্ৰহণ কৰি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ একেদৰে গঁড় হত্যা ৰোধ, ড্ৰাগছ তথা নিচাযুক্ত দ্ৰব্যৰ বেহা নিয়ন্ত্ৰণ আদিৰ দিশতো উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে অসম আৰক্ষীয়ে ৷ দুনীৰ্তিৰ বিৰুদ্ধে বৰ্তমানৰ চৰকাৰখনৰ শূন্য সহনশীল দৃষ্টিভংগীক প্ৰতিফলিত কৰি সকলোধৰণৰ দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে অসম আৰক্ষীয়ে শক্তিশালী ভূমিকা গ্ৰহণ কৰি আহিছে৷ তেওঁ লগতে কয় যে আৰক্ষী ব্যৱস্থাটোক আধুনিক ৰূপত সজাই তুলি সমাজত থকা অশান্তি-অশুভ শক্তিবোৰ আঁতৰ কৰি শান্তি প্ৰিয় সমাজত জীৱনৰ নিৰাপত্তা নিশ্চিত কৰাৰ উদ্দেশ্যৰে এই আঁচনি হাতত লোৱা হৈছে। আৰক্ষী যদি কৰ্ম উদ্যোগী, দৃঢ় আৰু নিৰ্ভীক হয়, জনতাৰ স্বাৰ্থত সমৰ্পিত হয় তেন্তে নিশ্চিতভাৱে শান্তিপ্ৰিয় জনসাধাৰণে নিৰাপদেৰে জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হ’ব ৷

সাধাৰণ লোক আৰু মহিলাসকলে আৰক্ষী থানালৈ আহিবলৈ ভয় কৰিব নালাগে বুলি উল্লেখ কৰি সঞ্চালক প্ৰধানগৰাকীয়ে আৰক্ষীয়ে সদায় জনতাৰ হিতৰ বাবেহে কাম কৰিবলৈ বদ্ধপৰিকৰ বুলি মন্তব্য কৰে ৷ ইয়াৰোপৰি বিটিআৰত অশান্তিৰ যৱনিকা পৰি উন্নয়নৰ পিনে ধাৱমান হোৱা বুলিও উল্লেখ কৰি ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান সদায় চলিব বুলি মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷ তেওঁ লগতে কয় যে ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ কামত দিনে-নিশাই নিয়োজিত আৰক্ষী বাহিনীৰ লোকসকলে পূৰ্বতে বিজুলীবাতিৰ পোহৰ নোহোৱাকৈ, প্ৰয়োজনীয় আচবাব পত্ৰৰ অভাৱত অতিশয় কষ্টৰ মাজেৰে কৰ্তব্য সম্পাদন কৰিবলগীয়া হৈছিল৷ বেৰেকসমূহৰ অৱস্থাও আছিল অতিশয় কদৰ্যময়৷ এই অৱস্থাৰ অৱসান ঘটোৱাৰ বাবেই স্মাৰ্ট পুলিচৰ ধাৰণাৰে উজ্জীৱিত হৈ ৰাজ্য চৰকাৰে অসমৰ আৰক্ষী থানাসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে “মৈত্ৰী” আঁচনি গ্ৰহণ কৰিছিল ৷ অসমত প্ৰথম পৰ্যায়ত ৭৫ খন আৰু দ্বিতীয় পৰ্যায়ত ৫৯ খন থানা “মৈত্ৰী” আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছে । “মৈত্ৰী” আঁচনিৰ জৰিয়তে আৰক্ষীক ৰাইজৰ বন্ধু হিচাপে গঢ় দিব বিচৰা হৈছে ৷ আজি উদ্বোধন কৰা এই আৰক্ষী থানাৰ নতুন ভৱনে বৃহত্তৰ মুছলপুৰবাসী ৰাইজৰ জীৱন-সম্পত্তিৰ নিৰাপত্তাৰ কামত অৰ্হনিশে সমৰ্পিত হৈ কাম কৰি যাবলৈ আৰক্ষী বিষয়া-কৰ্মীসকলক উৎসাহিত কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে ৷ এই নতুনকৈ নিৰ্মিত থানাৰ ভৱন জনতাৰ লগতে আৰক্ষীৰ মাজতো কাম কৰাৰ বাবে এক সুবিধাজনক পৰিৱেশৰ সৃষ্টি কৰিব বুলি সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই উল্লেখ কৰে ৷ আনহাতে অহা মে’ মাহৰ ভিতৰত অসম আৰক্ষীত ১৫ হাজাৰ যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰি পৰীক্ষাৰ প্ৰশ্নকাকতত বড়ো ভাষাও অন্তৰ্ভূক্তি কৰা হ’ব বুলি জনায় আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীয়ে ৷

আনহাতে সভাত ভাষণ প্ৰদান কৰি ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক উৰ্খাও গৌৰা ব্ৰহ্মই “মৈত্ৰী”ৰ দৰে আঁচনিৰ অধীনত মুছলপুৰ থানাক সামৰি লোৱাৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰে৷ নতুনকৈ নিৰ্মিত থানা ভৱনে জনতাৰ সুবিধাৰ বাবে আৰু আৰক্ষীৰ কাৰণে কাম কৰাৰ বাবে সুবিধাজনক পৰিবেশৰ সৃষ্টি কৰিব বুলি মন্তব্য কৰে ৷ ব্ৰহ্মই লগতে মুছলপুৰ আৰক্ষী থানাৰ নতুন ভৱন নিৰ্মাণে অঞ্চলটোৰ অপৰাধমূলক কাৰ্যকলাপ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক নতুন দিনৰ সূচনা কৰিব বুলিও আশা প্ৰকাশ কৰে ৷ উল্লেখযোগ্য যে, ১৯৬৯ চনতে আৰক্ষী চকীৰূপে স্থাপিত মুছলপুৰ আৰক্ষী থানাই ২০১০ চনত সদৰ থানালৈ উন্নীতকৰণ হয় ৷ আজি উদ্বোধন কৰা নৱনিৰ্মিত থানাখনত সভাকক্ষ, মহিলা আৰু বিশেষভাৱে সক্ষম লোকসকলৰ বাবে বিশেষ কোঠা, চাইবাৰ চেল, ৱৰ্ক ষ্টেচন, সাধাৰণ ৰাইজৰ বাবে পৃথক শৌচাগাৰ, আৰক্ষীয়ে জব্দ কৰা বাহনৰ বাবে পৃথক পাৰ্কিং স্থান আদিৰ ব্যৱস্থা আদি থাকিব ৷ উপ আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি কলিতাই আঁতধৰা আজিৰ এই উদ্বোধনী অনুষ্ঠানত বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান তথা বিটিআৰৰ ভাৰপ্ৰাপ্ত আইজিপি ড° এল আৰ বিষ্ণই, বিটিচিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাস, অসম আৰক্ষীৰ গৃহনিৰ্মাণ পৰিষদৰ অধ্যক্ষ অৰবিন্দ কলিতা, উপায়ুক্ত আয়ুস গাৰ্গ, আৰক্ষী অধীক্ষক ৰাজেন সিং, ২৪ নং অসম আৰক্ষী(আই আৰ) বেটেলিয়নৰ কামাণ্ডেন্ট প্ৰশান্ত সাগৰ চাংমাই, অতিৰিক্ত আৰক্ষী অধীক্ষক উজ্জল প্ৰতীম বৰুৱাকে ধৰি আৰক্ষীৰ শীৰ্ষ বিষয়াসকল আৰু ভালেসংখ্যক ৰাইজ উপস্থিত থাকে

Related Articles