Breaking

বিশিষ্ট চিকিৎসক ডাঃ সুগন চন্দ্ৰ জৈনৰ দেহাৱসান

0 1,110

ঐতিহ্যমণ্ডিত অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডাঃ সুগন চন্দ্ৰ জৈন (৮৮)ৰ আজি শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি শাৰিৰীকভাৱে অসুস্থ হৈ থকা বিশিষ্ট চিকিৎসক ডাঃ সুগন চন্দ্ৰ জৈনৰ আজি পু্ৱতি নিশা প্ৰায় ১ বজাত পল্টনবজাৰস্থিত বাসগৃহত দেহাৱসান ঘটে। আনহাতে বিশিষ্ট চিকিৎসকগৰাকীৰ মৃত্যুৰ খবৰে সমগ্ৰ ডিব্ৰুগড় চহৰত এক গভীৰ শোকৰ ছাঁ পেলাইছে।

উল্লেখযোগ্য যে, ১৯৫৫ চনত অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম বি বি এছত উত্তীৰ্ণ হৈ ১৯৬০ চনত লণ্ডনৰ পৰা এফ আৰ চি এছ পাছ কৰিছিল ডিব্ৰুগড়ৰ বিশিষ্ট শৈল চিকিৎসক গৰাকীয়ে। ১৯৯১ চনত অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাবে অৱসৰ গ্ৰহণ কৰিছিল ডাঃ জৈনে। ২০১৮ চনত অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে তেখেতৰ বাসগৃহত উপস্থিত হৈ জ্যেষ্ঠ ব্যক্তি হিচাবে বিভিন্ন উন্নয়ন মূলক আঁচনি সম্পৰ্কে আলোচনা কৰিছিল। তেওঁৰ মৃত্যুত ডিব্ৰুগড়ৰ বিভিন্ন দল-সংগঠন তথা অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। আজি তেওঁৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত ডাঃ জৈনে পুত্ৰ, বোৱাৰীসহ নাতি-নাতিনীৰ লগতে বহু আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ গৈছে। 

Leave A Reply

Your email address will not be published.