Breaking

মাজুলীত ত্ৰিহৃদয় গোষ্ঠীৰ উদ্যোগত “সাক্ষী হ’বা সৰযু” শীৰ্ষক গল্প পাঠ আৰু আলোচনা সম্পন্ন

0 1,106

মাজুলীৰ অগ্ৰণী কলা, সাহিত্য আৰু সংস্কৃতিমূলক অনুষ্ঠান “ত্ৰিহৃদয় গোষ্ঠী”য়ে গ্ৰন্থৰ প্ৰচাৰ, প্ৰসাৰ আৰু সাধাৰণ পাঠকৰ ৰুচিবোধ বৃদ্ধি কৰিবলৈ “গ্ৰন্থ পাঠ আৰু আলোচনা” শীৰ্ষক এলানি কাৰ্যসূচী হাতত তুলি লৈছে। কাৰ্যসূচীৰ প্ৰথমটো পদক্ষেপত অসমীয়া সাহিত্যৰ পুৰাকথা ভিত্তিক প্ৰথমখন গল্প শংকলন অসমৰ বিশিষ্ট কবি, সাহিত্যিক তথা সমালোচক ডঃ মানিক শ‌ইকীয়াৰ “শংকৰদেৱ প্ৰকাশনে” প্ৰকাশ কৰি উলিওৱা নৱতম গ্ৰন্থ “সাক্ষী হ’বা সৰযু” নিৰ্বাচন কৰি আজি বিয়লি ৩ বজাৰপৰা গড়মূৰ সত্ৰৰ অতিথি আৱাসত “গল্প পাঠ আৰু আলোচনা” শীৰ্ষক এটি অনুষ্ঠান আয়োজন কৰে। গ্ৰন্থখনিৰ স্ৰষ্টা ডঃ মানিক শ‌ইকীয়াই মুখ্য অতিথি ৰূপে উপস্থিত থকা অনুষ্ঠানটিক উদীয়মান কণ্ঠশিল্পী তথা সংগীত ব্যৱস্থাপক ত্ৰিপুৰাজ দলেই এটি সোণসেৰীয়া আধুনিক গীতেৰে শুভাৰম্ভ কৰে।

সঞ্চালক আৰু উদ্বোধক নথকা ব্যতিক্ৰমী অনুষ্ঠানটিৰ আঁত ধৰে মাজুলী জিলা কবি সন্মিলনৰ সম্পাদক, অসমৰ জনপ্ৰিয় কবি-সাংবাদিক তথা ত্ৰিহৃদয় গোষ্ঠীৰ মুখ্য সম্পাদক পাপু বৰাই। অনুষ্ঠানটি কবি শ্যামন্ত পায়েং, প্ৰাঞ্জল শ‌ইকীয়া, উপেন চিন্তে, অপূৰ্ব দাস, বুধিন বৰুৱাকে আদি কৰি প্ৰায় কুৰিগৰাকী পাঠক আলোচকে অংশগ্ৰহণ কৰে। কবি-চিত্ৰশিল্পী শ্যামন্ত পায়েঙে “সাক্ষী হ’বা সৰযু গ্ৰন্থখনৰ অকাট্য যুক্তিসমূহে পুৰাকথাসমূহৰ ওপৰত নতুন চিন্তাৰ খোৰাক যোগাইছে” বুলি মনোভাৱ ব্যক্ত কৰে। আনহাতে অসমৰ জনপ্ৰিয় কবি-সাংবাদিক পাপু বৰাই “গ্ৰন্থখনি লেখকে যদিও গল্প সংকলন বুলি স্বীকাৰোক্তি দিছে, অৱশ্যে এয়া এক গভীৰ চিন্তা আৰু অধ্যয়নৰ ফচলত সৃষ্টি হোৱা এখনি তাত্ত্বিক গ্ৰন্থহে” বুলি মত পোষণ কৰে। মুখ্য অতিথি হিচাপে উপস্থিত থকা গ্ৰন্থখনৰ স্ৰষ্টা ডঃ মানিক শ‌ইকীয়াই ত্ৰিহৃদয় গোষ্ঠীৰ এনে কাৰ্যক ভূয়সী প্ৰশংসা কৰাৰ লগতে এনে কাৰ্য‌ই গ্ৰন্থ এখনক পাঠকৰ মাজলৈ লৈ যোৱাত যথেষ্ট সহায়ক হ’ব বুলি মন্তব্য ৰাখে।

Leave A Reply

Your email address will not be published.