ভজা খাদ্য বাদ! এতিয়াৰে পৰা স্বাস্থ্য মন্ত্ৰালয়ৰ কেণ্টিনত কেৱল স্বাস্থ্যসন্মত খাদ্য

ভজা খাদ্যই স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় বুলি স্বাস্থ্য বিজ্ঞানীসকলে কৈ অহাৰ সময়তে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই বুধবাৰে ঘোষণা কৰে যে এতিয়াৰ পৰা স্বাস্থ্য মন্ত্ৰালয়ৰ কেণ্টিনত ভজা খাদ্য পৰিৱেশন কৰা নহ’ব। ইয়াৰ পৰিৱৰ্তে স্বাস্থ্য মন্ত্ৰালয়ৰ কেণ্টিনত এতিয়াৰে পৰা তেনে খাদ্যহে পৰিবেশন কৰা হ’ব যিবোৰ খাদ্যই মানুহৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ সলনি ভাল প্ৰভাৱহে পেলাবলৈ সক্ষম হ’ব।

সেইমৰ্মে স্বাস্থ্য মন্ত্ৰালয়ৰ কেণ্টিনত এতিয়াৰে পৰা চিঙৰাৰ ভিতৰত আলুৰ সলনি কল দিয়া হ’ব। একেদৰে ভজা-পোৰা খাদ্যৰ সলনি ৰুটি, চিৰা, আয়ুৰ্বেদিক খিচিৰি আদিৰ সৈতে সেকা চিঙৰা খাদ্য তালিকাত ৰখা হৈছে। এই প্ৰসংগত মন্তব্য কৰি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মাণ্ডৱিয়াই কয়— ‘আমাৰ শাস্ত্ৰ আৰু বিজ্ঞানীসকলে বিশ্বাস কৰে যে আমাৰ খাদ্য আমাৰ বাবে ঔষধ স্বৰূপ। সেয়ে ভাল খাদ্যাভ্যাস গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ’। তেওঁ লগতে কয় যে কেণ্টিনৰ পৰা অলপতে ভজা খাদ্য আঁতৰ কৰিবলৈ চেষ্টা কৰা হৈছিল। কিয়নো ভজা খাদ্য স্বাস্থ্যকৰ নহয়। আলু আঁতৰাই তাৰ ঠাইত কল চিঙৰাৰ ভিতৰত দিয়াৰ ব্যৱস্থা কৰা হৈছে। এনে ব্যৱস্থাই চিঙৰাৰ সোৱাদত পৰিৱৰ্তন অনাৰ লগতে এয়া স্বাস্থ্যকৰো হ’ব।

আন মন্ত্ৰালয়ৰ কেণ্টিনতো একে ধৰণৰ পৰিৱৰ্তন অনাৰ পৰিকল্পনা কৰি থকা হৈছে বুলি জানিব পৰা গৈছে। লক্ষণীয়ভাৱে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী নিজেও এজন স্বাস্থ্য সচেতন ব্যক্তি। তেওঁ সদায় স্বাস্থ্যকৰ জীৱনশৈলী অনুসৰণ কৰে। তেওঁ দৈনিক ৪৫ মিনিটৰ বাবে ব্যায়াম আৰু যোগাসন কৰে। তেওঁ দৈনিক ব্যায়াম আৰু যোগাভ্যাস কৰে আৰু প্ৰতিদিনে কমেও ২০ কিলোমিটাৰ চাইকেল চলায়।

Related Articles