‘ভাৰতক আপোনালোকৰ নিজৰ ঘৰ বুলিয়েই ভাবকচোন’, আফগান হিন্দু-শিখ সম্প্ৰদায়ৰ লোকক আশ্বাস মোদীৰ

তালিবানে নৈৰাজ্যৰ সৃষ্টি কৰা আফগানিস্তানত হিন্দুকে ধৰি অনা-ইছলাম কোনো লোকেই এতিয়া সুৰক্ষিত নহয়। আনকি ইছলাম ধৰ্মী বহু লোকো এতিয়া তালিবানৰ অত্যাচাৰৰ সন্মুখীন হৈছে। এনে ভয়াৱহ পৰিস্থিতিৰ মাজতে আজি আফগানিস্তানৰ হিন্দু আৰু শিখ সম্প্ৰদায়ৰ একাংশ লোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ নতুন দিল্লীস্থ বাসভৱনত সাক্ষাৎ কৰে। আফগানিস্তানৰ শিখ আৰু হিন্দু লোকৰ প্ৰতিনিধিৰে হোৱা বৈঠকত প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁলোকক কয়, “(ভাৰত) আপোনালোকৰ নিজৰ ঘৰ, আপোনালোক ইয়াত অতিথি নহয়। প্ৰতিজন ভাৰতীয়ই আপোনালোকক সন্মান আৰু মৰম কৰে”। ভাৰতক নিজৰ ঘৰ বুলি ভাবিবলৈও মোদীয়ে আফগানিস্তানৰ হিন্দু আৰু শিখ লোকসকল আহ্বান জনায়।

উল্লেখ্য যোৱা বছৰ তালিবানে আফগানিস্তান অধিগ্ৰহণ কৰাৰ পিছত ভাৰত চৰকাৰে বহু আফগান সংখ্যালঘু সম্প্ৰদায়ৰ লোকক ভাৰতলৈ স্থানান্তৰিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছিল। আজি এক ঘণ্টাজোৰা বৈঠকত প্ৰধানমন্ত্ৰীয়ে ২০১৫ চনত আফগান সংসদত দিয়া ভাষণৰ কথা স্মৰণ কৰি কয় যে যেতিয়া তেওঁ খান আব্দুল গফ্ফৰ খানক লগ পাইছিল। আফগানিস্তানৰ হিন্দু আৰু শিখ লোকসকলৰ সকলো দায়িত্ব ভাৰতে গ্ৰহণ কৰিবলৈ সাজু বুলিও মোদীয়ে কয়। বৈঠকত উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখী আদি ব্যক্তিসকল। আফগানিস্তানৰ পৰম্পৰাগত পোছাক আৰু আফগান পৰম্পৰাগত পাগুৰিৰ পিন্ধি মোদীয়ে আফগানিস্তানৰ হিন্দু আৰু শিখ লোকসকলক আদৰণি জনায়।

যোৱা বছৰৰ আগষ্টত তালিবানে দেশখন অধিগ্ৰহণ কৰাৰ পিছত বহু আফগান সংখ্যালঘুৰ বাবে ভাৰত দ্বিতীয় ঘৰ হৈ পৰিছে। অপাৰেচন দেৱী শক্তিৰ অধীনত যোৱা বছৰ ভাৰতে দেশখনৰ পৰা শ শ আৱদ্ধ ভাৰতীয় নাগৰিক আৰু আফগান সংখ্যালঘু সম্প্ৰদায়ৰ সদস্যক ভাৰতলৈ স্থানান্তৰ কৰিছিল। ইফালে, অহা সপ্তাহত ভাৰতে প্ৰতিশ্ৰুতি অনুসৰি ৫০,০০০ মেট্ৰিক টন ঘেঁহুৰ আফগানিস্তানলৈ মানৱীয় সাহায্য হিচাবে প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয়, ‘আমি আফগানিস্তানৰ জনসাধাৰণক মানৱীয় সহায় আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ’।

Related Articles