Breaking

হৃত্বিক ৰোশনৰ পৰিয়ালক লগ কৰিলে ছাবা আজাদে!গাৰ্লফ্ৰেণ্ড ছাবা আজাদে লিখিলে “শ্ৰেষ্ঠ দেওবাৰ”

0 78

বলিউদত প্ৰেমৰ যেন জোৱাৰ উঠিছে।বহুকেইটা যুটিয়ে ইতিমধ্যে চ’চিয়েল মিডিয়াত জনপ্ৰিয়তা লাভ কৰিছে।এইবাৰ হৃত্বিক আৰু ছাবাৰ সম্পৰ্কই জনপ্ৰিয়তা লাভ কৰিছে।হৃত্বিক ৰোশন আৰু ছাবা আজাদৰ সম্পৰ্কক লৈ বলীউডত আৰম্ভ হৈছে চৰ্চা। হৃত্বিক ৰোশনে দেওবাৰে তেওঁৰ প্ৰেমিকা ছাবা আজাদক পৰিয়ালৰ সৈতে পৰিচয় কৰাই দিছিল।ছাবাক হৃত্বিকৰ পৰিয়ালে আহাৰৰ বাবে নিমন্ত্ৰণ দিছিল। দেওবাৰে দুপৰীয়া এসাজ সকলোৱে একেলগে গ্ৰহণ কৰিলে।হৃত্বিক ৰোশনৰ পৰিয়াল সৈতে ছাবা আজাদে উঠা এখন ফটো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।বিশিষ্ট সংগীত পৰিচালক ৰাজেশ ৰোশন অথাৎ হৃত্বিক ৰোশনৰ খুড়াক ৰাজেশ ৰোশনে ইনষ্টাগ্ৰামত এই ফটোখন শ্বেয়াৰ কৰিছিল।ফটোখনত হৃত্বিক আৰু ছাবাক তেওঁলোকৰ পৰিয়ালটোৰ সৈতে বহি থকা দেখা গৈছে।কিন্তু, তেওঁলোকৰ দুয়োৱে কোনোৱেই এতিয়ালৈকে তেওঁলোকৰ সম্পৰ্কলৈ কোনো কথা সদৰী কৰা নাই।অৱশ্যে ছাবা আৰু হৃত্বিকৰ এই নতুন ফটোখনে অনুৰাগীসকলৰ পৰা মৰম পাইছে।

Leave A Reply

Your email address will not be published.