Breaking

৭৩ বছৰীয়া লালু প্ৰসাদ যাদৱক দিয়া হৈছে ৫ বছৰৰ সশ্ৰম কাৰাদণ্ড

0 44

বিহাৰৰ শক্তিশালী নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী লালুপ্ৰসাদ পুনৰ জে’ললৈ যাব!৭৩ বছৰীয়া লালু প্ৰসাদ যাদৱক ৫ বছৰৰ সশ্ৰম কাৰাদণ্ড দিয়া হৈছে।পশুখাদ্য কেলেংকাৰিৰ দৌৰাণ্ডা ট্ৰেজাৰী গোচৰত ৫ বছৰৰ কাৰাদণ্ডৰ ৰায় দিছে চিবিআই আদালতে।লগতে বিহা হৈছে ৬০ লাখ টকাৰ জৰিমনা।১৩৯ কোটি টকাৰ কেলেংকাৰীত দোষী সাব্যস্ত কৰা হৈছে লালুপ্ৰসাদ যাদৱক।বিহাৰৰ বিশেষ আদালতৰ ন্যায়ধীশ এছ কে শশীয়ে এই ৰায় প্ৰদান কৰিছে।


লালু প্ৰসাদ যাদৱৰ উপৰি এই পশুখাদ্য কেলেংকাৰিৰ গোচৰত আন ৩৭ জন দোষীকো দোষী সাব্যস্ত কৰা হৈছে।সোমাবাৰে ১.৫৮ মিনিটত এই শাস্তি ঘোষণা কৰা হয়।চিবিআই আদালতে লালু প্ৰসাদ যাদৱক দৌৰন্দা কোষাগাৰৰ পৰা ১৩৯.৩৫ কোটি টকা অবৈধভাৱে উলিওৱা বুলি অভিযুক্ত কৰি দোষী সাব্যস্ত কৰে এই ৰায়ত।১৯৯০ৰ পৰা ১৯৯৫ চনৰ ভিতৰত সংঘটিত হৈছিল এই কেলেংকাৰি।
এই গোচৰত মুঠ ১৭০জন অভিযুক্ত হৈছিল।ইয়াৰে ৫৫ জনৰ মৃত্যু হৈছে এতিয়া এই গোচৰত ৯৯ জন অভিযুক্ত আছে।

Leave A Reply

Your email address will not be published.