Breaking

তৃতীয় বিশ্বযুদ্ধৰ সম্ভাৱনা নেকি?

0 2,090

বিশ্বজুৰি উত্তেজনা সৃষ্টি হৈছে!পূব সীমান্তত ৰাছিয়াৰ ৰণসজ্জা!ইউক্ৰেইন আক্ৰমণৰ বিশাল প্ৰস্তুতি ৰাছিয়াৰ।যিকোনো মূৰ্হুততে ৰাছিয়াই ইউক্ৰেইন দখল কৰাৰ সম্ভাৱনা।প্ৰশ্ন উত্থাপন হৈছে ব্যাপক ক্ষতিৰ সন্মুখীন হ’ব নেকি ইউক্ৰেইন ?ইতিমধ্যেই বহু নাগৰিকে এৰিলে ইউক্ৰেইন।ইউক্ৰেইনৰ সীমান্তত ৰাছিয়াৰ সেনা মোতায়েন কৰিছে।কেৱল ৰাছিয়াৰ সেনা মোতায়েন কৰাই নহয়,ইউক্ৰেইন সীমান্ত আৰু চুবুৰীয়া ৰাষ্ট্ৰ বেলাৰুছৰ সীমান্তত ৰাছিয়া সেনা মোতায়েন কৰি অনুশীলনত ব্যস্ত।এনে পৰিৱেশৰ মাজত বিশ্ব সম্প্ৰদায়ৰ মাজত এখন সম্ভাব্য যুদ্ধক লৈ শংকিত হৈ পৰিছে বিশ্ববাসী।


আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পশ্চিমীয়া দেশসমূহে প্ৰচাৰ চলাইছে যে ইউক্ৰেইনক তিনিও দিশৰ পৰা ৰাছিয়াৰ সেনাই আক্ৰমণৰ পৰিকল্পনা চলাইছে!কিন্তু,আমেৰিকাৰ সকিয়নী ৰাছিয়াক!ইউক্ৰেইনক আক্ৰমণ কৰিলে ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব ৰাছিয়া।আনহাতে ৰাছিয়াই ইউক্ৰেইনৰ সীমান্তত সেনা মোতায়েন কৰিলেও কোনো কাৰণতে ইউক্ৰেইন আক্ৰমণ কৰাৰ পৰিকল্পনা নাই বুলি বাৰে বাৰে কৈ আছে যদিও আমেৰিকা যুক্তৰাষ্ট্ৰই পশ্চিমীয়া দেশ সমূহৰ সৈতে মিলি ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাটো নিশ্চিত বুলি প্ৰচাৰ চলাই আছে।ইয়াকে লৈ আমেৰিকা আৰু ৰাছিয়াৰ মাজত চলি আছে তৰ্ক।আনহাতে সম্ভাৱ্য যুদ্ধৰ শংকাৰ প্ৰতি লক্ষ্য ৰাখি মাৰ্কিন নাগৰিকক ইউক্ৰেইন ত্যাগ কৰিবলৈ নিদেৰ্শ দিছে আমেৰিকাই।আমেৰিকা লগতে গ্ৰেট ব্ৰিটেইনসহ দহ বিদেশ ৰাষ্ট্ৰৰ নাগৰিকে ইতিমধ্যে এৰিছে ইউক্ৰেইন।ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজৰ সম্ভাৱ্য যুদ্ধখনক লৈ বিশ্বজুৰি উত্তেজনা অব্যাহত থকাৰ মাজতে আন্তজাৰ্তিক বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাইছে।আমেৰিকা আৰু গ্ৰেট ব্ৰিটেইনে সাম্ভাব্য যুদ্ধৰ শংকা প্ৰকাশ কৰাৰ পাছতে আন্তঃজাৰ্তিক বজাৰত খাৰুৱা তেলৰ মূল্য দ্ৰুত গতিত বৃদ্ধি পাইছে। খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১.৩ শতাংশ বৃদ্ধি পাইছে।প্ৰতি বেৰেলত প্ৰায় ৯৫ মাৰ্কিন ডলাৰলৈ বৃদ্ধি হৈছে।লক্ষণীয় কথাটো এয়ে যে খাৰুৱা তেলৰ মূল্য সাত বছৰৰ ভিতৰত অধিক হৈছে


আনপিনে,ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত চলি থকা উত্তেজনাৰ বাবে ভাৰতৰ শ্বেয়াৰ বজাৰতো অভাবনীয় ভাৱে প্ৰভাৱ পৰিছে ।দেশৰ শ্বেয়াৰ বজাৰত পতন ঘটি আছে ছেনছেক্স ১৭৪৭ পইণ্ট নিম্নগামী হৈছে।এনে পৰিৱেশৰ মাজত শংকিত হৈ পৰিছে বিশ্ববাসী।প্ৰশ্ন হৈছে তৃতীয় যুদ্ধৰ দামামা চলিছে নেকি।পৰৱৰ্তী সময়ত কি ৰূপ লয় সেয়া আমি জনাই যাম প্ৰতিবেদনৰ জৰিয়তে।

Leave A Reply

Your email address will not be published.